■ সম্প্ৰসাৰিত অসম মন্ত্রীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক নতুন দিল্লীত কৰা সাক্ষাতৰ পাছত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা গুৱাহাটীলৈ উভতি আহিছে।
বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনামর্মে মুখ্যমন্ত্ৰীয়ে নতুন মন্ত্ৰীসকলক দায়িত্ব অর্পন কৰিব বুলি কোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে আজি মন্ত্ৰীসকলৰ তালিকা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক দাখিল কৰিব।
ইপিনে, খানাপাৰাৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে।
কাইলৈ দিনৰ ১২ বাজি ৪৫ মিনিটত শপতগ্ৰহণ অনুষ্ঠান আৰম্ভ হ’ব। ৰাজ্যপাল শ্ৰী আচাৰ্যই মন্ত্রীসভাত নতুনকৈ স্থান লাভ কৰিবলগীয়া বিধায়কসকলক শপতবাক্য পাঠ কৰোৱাব। এই অনুষ্ঠানৰ অভ্যর্থনাৰ বাবে অসম অসামৰিক সেৱাৰ ৮ গৰাকী বিষয়াক দায়িত্ব অর্পণ কৰা হৈছে। উল্লেখযোগ্য যে যোৱা ১২ মে’ত মুখ্যমন্ত্ৰী ড° শৰ্মাৰ সৈতে ৰামেশ্বৰ তেলী, অতুল বৰা, অজন্তা নেওগ আৰু চৰণ বড়োৱে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।
মন্ত্রীসভা গঠন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মিলিত হয়।