সাম্প্ৰতিক বানত ক্ষয়ক্ষতিৰ জৰীপ আৰু মূল্যায়নৰ কাম নিখুঁত আৰু ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ জিলা প্রশাসনক মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সাম্প্ৰতিক বানত ক্ষতিগ্রস্ত বিভিন্ন অঞ্চলত চলি থকা সাহায্য আৰু পুনসংস্থাপনৰ কামকাজৰ এখন পৰ্যালোচনা বৈঠকত ভাগ লৈ ক্ষয়ক্ষতিৰ জৰীপ আৰু মূল্যায়নৰ কাম নিখুঁত আৰু ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে।

শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ সংশ্লিষ্ট বিভাগ তথা জিলা আয়ুক্তৰ সৈতে ভিডিঅ’ কনফাৰেন্স যোগে ভাগ লোৱা পৰ্যালোচনা বৈঠকখনতে মুখ্যমন্ত্ৰীয়ে বানত ক্ষতিগ্রস্ত হোৱা কোনো পৰিয়ালে যাতে সাহায্য লাভৰ পৰা বাদ পৰি নাযায় সেয়া নিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়ে। প্ৰতিগৰাকী বানপীড়িতক অন্তৱৰ্তীকালীন সাহায্য শীঘ্ৰে প্ৰদান কৰিবলৈও মুখ্যমন্ত্ৰী ড০ শৰ্মাই নির্দেশ দিয়ে।

ইপিনে দিছপুৰৰ লোকসেৱা ভৱনত আজি বিয়লি ৫ বজাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিমন্ত্ৰীগোটৰ বৈঠক অনুষ্ঠিত হ’ব।

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ১০ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত ৪৫৬ খন গাঁৱৰ ১ লাখ ৩৭ হাজাৰ ৫৯০ জন লোক প্ৰভাৱিত হোৱাৰ লগতে ১১ হাজাৰ ৯৩৩.৪-৬ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা ১০১ হৈছেগৈ।

শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি মুৰব্বী শিক্ষকে প্রতিবেদন দিয়া বিদ্যালয়সমূহত কালি পুনৰ পাঠদান আৰম্ভ হৈছে। জিলাখনৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱাৰ সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি বানত এতিয়াও পানীত বুৰ গৈ থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহক পৰৱৰ্তী নির্দেশ নিদিয়া পৰ্যন্ত বন্ধ ৰখা হৈছে।

যোৰহাট জিলাতো বহু বিদ্যালয় এতিয়াও পাঠদানৰ উপযোগী হৈ নুঠাত জিলা প্ৰশাসনে বান প্রভাৱিত এলেকাৰ ৬৬ খন বিদ্যালয়ৰ গ্ৰীষ্ম বন্ধৰ দিন ১৫ আগষ্ট পর্যন্ত বৃদ্ধি কৰিছে।

ইপিনে ৰাজ্যত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট, আৰু গোলাঘাট জিলাত কালিৰ পৰা ক্ষয়-ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ অহা ৩০ আগষ্টলৈ চলিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।