ইউৰোপীয় সংঘই অসম ভ্ৰমণৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্ৰকাশ

ৰাজ্যৰ পৰ্যটন খণ্ডৰ বাবে সুখবৰ কঢ়িয়াই ইউৰোপীয় সংঘই অসম ভ্ৰমণৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে এই বিষয়ে অবগত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতত নিযুক্ত ইউৰোপীয় সংঘৰ ৰাষ্টদূত হার্ভে ডেলফিনে ৰাজ্যৰ মুখ্য সচিবক এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে।

উল্লেখযোগ্য যে এই সিদ্ধান্তৰ ফলত ইউৰোপীয় সংঘৰ ২৭ খন দেশৰ নাগৰিকে এতিয়াৰে পৰা অসম ভ্ৰমণ কৰিব পাৰিব। অৱশ্যে সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন বাহাল থকা চৰাইদেউ, তিনিচুকীয়া আৰু শিৱসাগৰ জিলাৰ ক্ষেত্ৰত এই সুবিধা প্রযোজ্য নহ’ব।

মুখ্যমন্ত্রীয়ে কয়, যে দ্বিতীয় পর্যায়ৰ এডভান্টেজ অসমৰ পিছৰে পৰা ৰাজ্য চৰকাৰে বিদেশী দূতাবাসৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছিল। ইয়াৰ পূৰ্বে অস্ট্রেলিয়া আৰু জাপানেও অসম ভ্ৰমণৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা উঠাই লৈছিল। আনহাতে আমেৰিকা আৰু কানাডায়ো যাতে অনুৰূপ পদক্ষেপ গ্রহণ কৰে সেই উদ্দেশ্যে ৰাজ্য চৰকাৰে চেষ্টা অব্যাহত ৰখা বুলি তেওঁ উল্লেখ কৰে।