July 11, 2026 7:17 PM

views 20

ডিমা হাছাও জিলাত পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি চলিত মাহৰ প্রতি শুকুৰ আৰু শনিবাৰে বিভিন্ন পর্যটনস্থলীত পৰম্পৰাগত মহোৎসৱৰ আয়োজন

ডিমা হাছাও জিলাত পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদে পর্যটন আৰু সংস্কৃতি বিভাগৰ সহযোগত চলিত মাহৰ প্রতি শুকুৰ আৰু শনিবাৰে বিভিন্ন পর্যটনস্থলীত পৰম্পৰাগত মহোৎসৱৰ আয়োজন কৰিছে। জিলাখনৰ জনগোষ্ঠীসমূহৰ চহকী সংস্কৃতি, লোক পৰম্পৰা আৰু জীৱন শৈলী প্ৰদৰ্শনৰ লক্ষ্যৰে উত্তৰ কাছাৰ পাহাৰ স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত কালিৰেপৰা হাফলং হ্ৰদৰ সমীপত ডিমাহাচাও জনজাতি মহোৎসৱ অনুষ্ঠিত হৈছে। পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গার্লোছাই কালি এই অনুষ্ঠান উদ্বোধন কৰে। মহোৎসৱত বিভিন...

June 21, 2026 12:15 PM

views 23

ইউৰোপীয় সংঘই অসম ভ্ৰমণৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্ৰকাশ

ৰাজ্যৰ পৰ্যটন খণ্ডৰ বাবে সুখবৰ কঢ়িয়াই ইউৰোপীয় সংঘই অসম ভ্ৰমণৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে এই বিষয়ে অবগত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতত নিযুক্ত ইউৰোপীয় সংঘৰ ৰাষ্টদূত হার্ভে ডেলফিনে ৰাজ্যৰ মুখ্য সচিবক এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে। উল্লেখযোগ্য যে এই সিদ্ধান্তৰ ফলত ইউৰোপীয় সংঘৰ ২৭ খন দেশৰ নাগৰিকে এতিয়াৰে পৰা অসম ভ্ৰমণ কৰিব পাৰিব। অৱশ্যে সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন বাহাল থকা চৰাইদেউ, তিনিচুকীয়া আৰু...

October 22, 2025 12:36 PM

views 103

পবিতৰা অভয়াৰণ্য কাইলৈ পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হ’ব

● পবিতৰা অভয়াৰণ্য কাইলৈ পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। বাৰিষাৰ বাবে বন্ধ হৈ থকা অভয়াৰণ্যখনত বানৰ ফলত হোৱা আন্তঃগাঁথনিৰ ক্ষতি ইতিমধ্যে মেৰামতি কৰা হৈছে বুলি অভয়াৰণ্যখনৰ মাণ্ডলিক বিষয়া প্ৰাঞ্জল বৰুৱাই প্ৰকাশ কৰিছে। তেওঁ কয় যে অভয়াৰণ্যখন মুকলি কৰাৰ লগে লগে পর্যটকসকলে জীপ আৰু হাতী চাফাৰি কৰিব পাৰিব। উল্লেখযোগ্য যে ১৯৯৮ চনত পবিতৰা সংৰক্ষিত বনাঞ্চল আৰু ৰজামায়ং পাহাৰ সংৰক্ষিত বনাঞ্চলৰ একত্ৰীকৰণ কৰি পবিতৰা অভয়াৰণ্যখন গঠন কৰা হৈছিল। বিশ্বৰ ভিতৰত কম আয়তনত সৰ্বাধিক গঁড় থকা অভয়াৰণ্যখনৰ দ্বাৰ বন...

September 25, 2025 10:27 PM

views 83

কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত কাইলৈ পুৱা চাৰে ৭ বজাত জীপ ছাফাৰী আৰম্ভ হ'ব। দুৱাৰ মুকলি অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা, অজন্তা নেওগ, কেশৱ মহন্ত আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছা উপস্থিত থকাৰ কথা। ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই দুৰ্গা পূজাৰ সময়ত পৰ্যটকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ আগতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠি...

January 15, 2025 10:58 AM

views 101

ৰাজ্যৰ পৰ্যটন খণ্ডই ২০২৫ বৰ্ষত গুৰুত্বপূৰ্ণ অগ্রগতি লাভ কৰিব বুলি ৰাজ্য চৰকাৰৰ আশা প্রকাশ

ৰাজ্যৰ পৰ্যটন খণ্ডই ২০২৫ বৰ্ষত গুৰুত্বপূৰ্ণ অগ্রগতি লাভ কৰিব বুলি পর্যটন বিভাগে আশা প্রকাশ কৰিছে। বিগত সময়ছোৱাত এইক্ষেত্ৰত লাভ কৰা সফলতাৰ লগতে পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ ভিত্তিত বিশ্ব পর্যটন খণ্ডত অসম অধিক গুৰুত্বপূৰ্ণ হৈ উঠিব বুলি আশা কৰা হৈছে। শেহতীয়া কেইটামান বছৰত ৰাজ্যখনলৈ পৰ্যটকৰ আগমনৰ হাৰ বৃদ্ধি পোৱাৰ লগতে পৰ্যটন বিভাগে আন দেশত ৰোড শ্ব'ৰ আয়োজনকে ধৰি একাধিক পদক্ষেপ গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে। তথ্য অনুসৰি যোৱা বিত্তীয় বৰ্ষত প্রায় ৭৮ লাখ পর্যটকে অসম ভ্ৰমণ কৰিছে আৰ...

November 29, 2024 6:15 PM

views 83

ৰাজ্যৰ দুটা পৰ্যটন প্রকল্পৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় ২০০ কোটি টকাৰ পুঁজি অনুমোদনত প্রধানমন্ত্ৰীক কৃতজ্ঞতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ৰাজ্যখনৰ দুটা পৰ্যটন প্রকল্পৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰায় ২০০ কোটি টকাৰ পুঁজি অনুমোদন জনোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰিছে। মূলধনী বিনিয়োগৰ বাবে ৰাজ্যসমূহক প্ৰদান কৰি অহা বিশেষ সাহায্যৰ অধীনত কেন্দ্ৰীয় চৰকাৰে ৰংঘৰ আৰু ৰাজ্যিক চিৰিয়াখানাৰ উন্নয়নৰ বাবে এই ধনৰাশিৰ অনুমোদন জনায়। অসম ৰাজ্যিক চিৰিয়াখানা তথা উদ্ভিদ উদ্যানৰ বাবে ৯৭ কোটি ১২ লাখ টকা আৰু শিৱসাগৰৰ ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে ৯৪ কোটি ৭৬ লাখ টকা কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনা...

August 2, 2024 12:18 PM

views 71

চৰাইদেউ জিলাত নিবনুৱা সংস্থাপনৰ লগতে পৰ্যটকসকলৰ সুবিধাৰ্থে আমাৰ আলহী ঘৰ আঁচনি আৰম্ভ

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি পোৱাৰ পাছতে চৰাইদেউ জিলাত নিবনুৱা সংস্থাপনৰ লগতে পৰ্যটকসকলৰ বাবে থকামেলাৰ পৰ্যাপ্ত সুবিধা উপলব্ধ কৰোৱাৰ লক্ষ্যৰে আমাৰ আলহী ঘৰ আঁচনি আৰম্ভ কৰা হৈছে। এই আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগে চৰাইদেউ মৈদাম ক্ষেত্ৰৰ আশেপাশে হোম ষ্টে নিৰ্মাণ কৰাৰ লক্ষ্য লৈছে। এই আঁচনি আধাৰশিলা স্থাপন কৰি কালি সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে প্ৰাৰম্ভিক পৰ্যায়ত মৈদামৰ সমীপৱৰ্তী অঞ্চলত ১০ টাকৈ হোম ষ্টে নিৰ্মাণ কৰাৰ লক্ষ্য লোৱা বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে, আঁচনিখনৰ অধীনত চ...