ডিমা হাছাও জিলাত পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদে পর্যটন আৰু সংস্কৃতি বিভাগৰ সহযোগত চলিত মাহৰ প্রতি শুকুৰ আৰু শনিবাৰে বিভিন্ন পর্যটনস্থলীত পৰম্পৰাগত মহোৎসৱৰ আয়োজন কৰিছে। জিলাখনৰ জনগোষ্ঠীসমূহৰ চহকী সংস্কৃতি, লোক পৰম্পৰা আৰু জীৱন শৈলী প্ৰদৰ্শনৰ লক্ষ্যৰে উত্তৰ কাছাৰ পাহাৰ স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত কালিৰেপৰা হাফলং হ্ৰদৰ সমীপত ডিমাহাচাও জনজাতি মহোৎসৱ অনুষ্ঠিত হৈছে। পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গার্লোছাই কালি এই অনুষ্ঠান উদ্বোধন কৰে।
মহোৎসৱত বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য, সাজ-পোছাক, হস্তশিল্পৰ সামগ্ৰী আদিৰ বিপণী স্থাপন কৰা হৈছে। তদুপৰি, বিভিন্ন জনজাতীয় সম্প্ৰদায়ৰ লোকনৃত্য আৰু সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। ইয়াৰ জৰিয়তে স্থানীয় উদ্যোগী, শিল্পী আৰু ব্যৱসায়ীসকলক বিপণনৰ সুযোগ প্ৰদান কৰি আৰ্থিক বিকাশত সহায়ৰ লগতে জিলাখনৰ পৰ্যটন উদ্যোগ শক্তিশালী হৈ উঠিব বুলি শ্ৰী গাৰ্লোছাই আশা প্ৰকাশ কৰে।
উল্লেখযোগ্য যে গ্রীষ্মবন্ধৰ সময়ত জিলাখনত পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত পৰ্যটনক অধিক আকর্ষণীয় কৰি তোলাৰ উদ্দেশ্যে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। অহা ১৭ আৰু ১৮ জুলাইত ডিমা হাছাও ভিউ পইণ্ট আৰু জাতিংগাত, ২৪ আৰু ২৫ জুলাইত উমৰাংছ’ গল্ফ খেল পথাৰত আৰু ৩১ জুলাই আৰু পহিলা আগষ্টত জাতিংগা পর্যটন কেন্দ্ৰত এই মহোৎসৱ অনুষ্ঠিত কৰা হ’ব।