July 11, 2026 7:17 PM

views 9

ডিমা হাছাও জিলাত পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি চলিত মাহৰ প্রতি শুকুৰ আৰু শনিবাৰে বিভিন্ন পর্যটনস্থলীত পৰম্পৰাগত মহোৎসৱৰ আয়োজন

ডিমা হাছাও জিলাত পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদে পর্যটন আৰু সংস্কৃতি বিভাগৰ সহযোগত চলিত মাহৰ প্রতি শুকুৰ আৰু শনিবাৰে বিভিন্ন পর্যটনস্থলীত পৰম্পৰাগত মহোৎসৱৰ আয়োজন কৰিছে। জিলাখনৰ জনগোষ্ঠীসমূহৰ চহকী সংস্কৃতি, লোক পৰম্পৰা আৰু জীৱন শৈলী প্ৰদৰ্শনৰ লক্ষ্যৰে উত্তৰ কাছাৰ পাহাৰ স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত কালিৰেপৰা হাফলং হ্ৰদৰ সমীপত ডিমাহাচাও জনজাতি মহোৎসৱ অনুষ্ঠিত হৈছে। পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গার্লোছাই কালি এই অনুষ্ঠান উদ্বোধন কৰে। মহোৎসৱত বিভিন...

June 4, 2026 11:05 AM

views 30

বিশ্ব বেংকৰ সাহায্যপ্রাপ্ত পুঁজিৰে ডিমা হাচাওৰ পাহাৰীয়া পথ উন্নয়নৰ পৰিকল্পনা

■ অসম চৰকাৰে ডিমা হাচাওৰ বাবে ৩ হাজাৰ ৮৭৫ কোটি টকা ব্যয়সাপেক্ষ জলবায়ু অনুকুল পথ নিৰ্মাণৰ পৰিকল্পনাৰ অংশ হিচাপে বিশেষ প্ৰকল্পৰ কালি শুভাৰম্ভ কৰে। বিশ্ব বেংকৰ সাহায্যপ্রাপ্ত পুঁজিৰে জিলাখনৰ পাহাৰীয়া পথ উন্নয়নৰ বাবে এই পৰিকল্পনা লোৱা হৈছে। কালি খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এই প্ৰকল্পৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। এই অনুষ্ঠানত বিশ্ব বেংকৰ প্ৰতিনিধি, ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া, কাৰিকৰী বিশেষজ্ঞ, পৰামৰ্শদাতা আৰু অংশীদাৰসকল উপস্থিত আছিল।

December 5, 2025 7:04 PM

views 53

উমৰাংছ’ত ডিমা হাচাও জিলাৰ প্ৰথমখন অসম ক্রিকেট সন্থাৰ ষ্টেডিয়াম মুকলি

ডিমা হাচাওৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আজি জিলাখনৰ প্ৰথমখন অসম ক্রিকেট সন্থাৰ ষ্টেডিয়াম মুকলি কৰা হয়। ঊমৰাংছ'ত নিৰ্মাণ কৰা এই নতুন ক্রিকেট ষ্টেডিয়ামখন মুকলি কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই খেলৰ সা-সুবিধাসমূহ ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰতিটো প্রান্তলৈকে কঢ়িয়াই নিবলৈ ৰাজ্য চৰকাৰ দৃঢ় প্রতিজ্ঞ বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে, ক্ৰিকেটৰ সকলো প্ৰকাৰৰ প্ৰয়োজনীয় সুবিধাৰে সমৃদ্ধ প্রায় ৩০ বিঘা মাটিত নির্মিত এই ষ্টেডিয়ামত ১৫ হাজাৰ দৰ্শকে একেলগে খেল উপভোগ কৰিব পাৰিব। ষ্টেডিয়ামখনত পাঁচখন পিছ, এটা আধুন...

April 21, 2025 11:10 AM

views 58

ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটত পৰিষদৰ অনুমোদন

■ ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটত কালি পৰিষদে অনুমোদন জনায়। পৰিষদৰ বিত্ত বিভাগৰ কাৰ্যবাহী সদস্য ধনপেইনন থাউছেনে দাখিল কৰা চলিত বিত্তীয় বৰ্ষৰ বাজেট সন্দৰ্ভত সদনত অনুষ্ঠিত দীঘলীয়া আলোচনাৰ পাছত বাজেটখন গৃহীত হয়। ইয়াৰ আগেয়ে পৰিষদৰ অধ্যক্ষ মোহিত হোজাইৰ অধ্যক্ষতাত বিত্ত বিভাগৰ কাৰ্যবাহী সদস্য ধনপেইনন থাউছেনে ১ হাজাৰ ২ কোটি ১১ লাখ ১৪ হাজাৰ টকাৰ বাজেট সদনত দাখিল কৰে। বাজেট অধিবেশনত ৩০জনীয়া পৰিষদৰ ২৮জন সদস্য উপস্থিত থাকে। কালি সদনত কাৰ্যবাহী সদস্য নিৰঞ্জন হোজাই আৰু ...

March 6, 2025 10:47 AM

views 51

কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত ২৬৭টা এন্দুৰৰ গাঁতসদৃশ কয়লা খনি আছেঃ কৌশিক ৰায়

● অসম চৰকাৰে ২০২২ বৰ্ষৰ পৰা চলিত বছৰলৈ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অবৈধভাৱে খনন আৰু সৰবৰাহ কৰা ২৫ হাজাৰ ৬৩১ টন কয়লা জব্দ কৰিছে। বিধানসভাত কালি ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ এটা লিখিত প্ৰশ্নৰ উত্তৰত খনি আৰু খনিজাত দ্রব্য বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে এই বিষয়ে প্রকাশ কৰে। আন এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত ২৬৭টা এন্দুৰৰ গাঁতসদৃশ কয়লা খনি আছে বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে ২০১৪ চনত এনে ধৰণৰ কয়লা খনিত খনন নিষিদ্ধ ঘোষণা কৰিছিল। ৰাজ্য ...

January 15, 2025 6:59 PM

views 64

ডিমাছা ঐতিহ্য সংগ্ৰহালয় আৰু ডিব্ৰু গৱেষণা কেন্দ্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন

ডিমা হাছাও জিলাৰ মাইবঙৰ খাচমাইপুৰত আজি ডিমাছা ঐতিহ্য সংগ্ৰহালয় আৰু ডিব্ৰু গৱেষণা কেন্দ্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। উদ্বোধনী কাৰ্যসূচীত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছা উপস্থিত থাকে। কছাৰীসকলৰ ঐতিহ্যমণ্ডিত ৰাজধানী মাইবঙত থকা স্থাপত্য আৰু ভাস্কৰ্যসমূহৰ বিষয়ে গৱেষণাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি শ্রীগাৰ্লোছাই কয় যে এই সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰৰ জৰিয়তে ডিমাছা সংস্কৃতি আৰু ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰচাৰত গুৰুত্ব দিয়া হ'ব। উদ্বোধনী অনুষ্ঠানত...

January 9, 2025 12:55 PM

views 50

উমৰাংছ’ৰ কয়লাখনিত আবদ্ধ শ্রমিকসকলক উদ্ধাৰৰ বাবে প্ৰতিকূল বতৰকো নেওচি অভিযান অব্যাহত

ডিমা হাচাও জিলাৰ উমৰাংছ’ৰ কয়লাখনিত আবদ্ধ শ্রমিকসকলক উদ্ধাৰৰ বাবে প্ৰতিকূল বতৰকো নেওচি অভিযান অব্যাহত আছে। ক'ল ইণ্ডিয়া লিমিটেডৰ উদ্ধাৰকাৰী দলে আজি অত্যাধুনিক সৰঞ্জামেৰে উমৰাংছ'ৰ কয়লা খনিটোৰ পৰা পানী নিষ্কাষণৰ চেষ্টা চলাব। নৌসেনাই আবদ্ধ শ্রমিক কেইজনৰ সম্ভেদ উলিয়াবৰ বাবে পানীৰ তলত চলাচল কৰা দূৰ সংবেদী ব্যৱস্থাচালিত অত্যাধুনিক বিশেষ বাহন ব্যৱহাৰ কৰিছে। উদ্ধাৰকাৰী দলসমূহে অভিযানৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি নিশাৰ ভাগতো উদ্ধাৰকাৰ্য অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে।