ডিমাচা ভাষাক অন্যতম চৰকাৰী ভাষাৰূপে স্বীকৃতি দিয়া বাবে ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ বিশেষ অনুষ্ঠানৰ আয়োজন

ডিমা হাচাও জিলাত ডিমাচা ভাষাক অন্যতম চৰকাৰী ভাষাৰূপে স্বীকৃতি দিয়া বাবে কালি ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদে এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰে।

অনুষ্ঠানত পৰিষদৰ কাৰ্যবাহী সদস্য, বিভিন্ন বিষয়ববীয়া আৰু বিভিন্ন সংগঠনৰ প্ৰতিনিধিসকলে চৰকাৰৰ এই সিদ্ধান্তৰ শলাগ লোৱাৰ লগতে ডিমা হাচাওৰ ঐতিহ্যময় সাংস্কৃতিক আৰু নৃতাত্ত্বিক বৈচিত্র্যক আগবঢ়াই নিয়াৰ বাবে এই সিদ্ধান্তই বিশেষভাৱে সহায় কৰিব বুলি প্ৰকাশ কৰে।

চৰকাৰী আৰু ৰাজহুৱা কাম-কাজত ডিমাচা ভাষাৰ বহুল প্রয়োগে পৰৱৰ্তী সময়ত নিশ্চয় সুফল কঢ়িয়াই আনিব বুলি পৰিষদে আশা প্ৰকাশ কৰে।