ডিমা হাছাও জিলাৰ মাইবঙৰ খাচমাইপুৰত আজি ডিমাছা ঐতিহ্য সংগ্ৰহালয় আৰু ডিব্ৰু গৱেষণা কেন্দ্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। উদ্বোধনী কাৰ্যসূচীত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছা উপস্থিত থাকে। কছাৰীসকলৰ ঐতিহ্যমণ্ডিত ৰাজধানী মাইবঙত থকা স্থাপত্য আৰু ভাস্কৰ্যসমূহৰ বিষয়ে গৱেষণাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি শ্রীগাৰ্লোছাই কয় যে এই সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰৰ জৰিয়তে ডিমাছা সংস্কৃতি আৰু ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰচাৰত গুৰুত্ব দিয়া হ’ব। উদ্বোধনী অনুষ্ঠানত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অন্যান্য সদস্যসকলো উপস্থিত থাকে ৷
Assamese | January 15, 2025 6:59 PM | Dima Hasao District
ডিমাছা ঐতিহ্য সংগ্ৰহালয় আৰু ডিব্ৰু গৱেষণা কেন্দ্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন