ডিমা হাচাওৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আজি জিলাখনৰ প্ৰথমখন অসম ক্রিকেট সন্থাৰ ষ্টেডিয়াম মুকলি কৰা হয়। ঊমৰাংছ’ত নিৰ্মাণ কৰা এই নতুন ক্রিকেট ষ্টেডিয়ামখন মুকলি কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই খেলৰ সা-সুবিধাসমূহ ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰতিটো প্রান্তলৈকে কঢ়িয়াই নিবলৈ ৰাজ্য চৰকাৰ দৃঢ় প্রতিজ্ঞ বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে, ক্ৰিকেটৰ সকলো প্ৰকাৰৰ প্ৰয়োজনীয় সুবিধাৰে সমৃদ্ধ প্রায় ৩০ বিঘা মাটিত নির্মিত এই ষ্টেডিয়ামত ১৫ হাজাৰ দৰ্শকে একেলগে খেল উপভোগ কৰিব পাৰিব। ষ্টেডিয়ামখনত পাঁচখন পিছ, এটা আধুনিক পেভেলিয়ন আৰু অন্যান্য উন্নত সুবিধাসমূহ খেলুৱৈসকলে লাভ কৰিব। এই ষ্টেডিয়ামে ক্রীড়াৰ ক্ষেত্ৰত জিলাখনক আগবঢ়াই নিয়াৰ লগতে পৰ্যটনৰ ক্ষেত্ৰতো সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। অনুষ্ঠানত অংশ লোৱাৰ পাছত বি চি চি আইৰ সচিব দেৱজিৎ লন শইকীয়াই সাংবাদিকৰ আগত কয়, যে এই ষ্টেডিয়ামখনত ঘৰুৱা ক্রিকেট খেল অনুষ্ঠিত কৰাৰ বাবে সকলো ধৰণৰ সা-সুবিধা ৰখা হৈছে। এই ষ্টেডিয়ামত অনুশীলন কৰি ভৱিষ্যতে উমা ছেত্রীৰ দৰে ক্রীড়া প্রতিভাৰ উন্মেষ হ’ব বুলি তেওঁ আশা প্রকাশ কৰে।
Assamese | December 5, 2025 7:04 PM | Dima Hasao District
উমৰাংছ’ত ডিমা হাচাও জিলাৰ প্ৰথমখন অসম ক্রিকেট সন্থাৰ ষ্টেডিয়াম মুকলি