বিশ্ব বেংকৰ সাহায্যপ্রাপ্ত পুঁজিৰে ডিমা হাচাওৰ পাহাৰীয়া পথ উন্নয়নৰ পৰিকল্পনা

■ অসম চৰকাৰে ডিমা হাচাওৰ বাবে ৩ হাজাৰ ৮৭৫ কোটি টকা ব্যয়সাপেক্ষ জলবায়ু অনুকুল পথ নিৰ্মাণৰ পৰিকল্পনাৰ অংশ হিচাপে বিশেষ প্ৰকল্পৰ কালি শুভাৰম্ভ কৰে।

বিশ্ব বেংকৰ সাহায্যপ্রাপ্ত পুঁজিৰে জিলাখনৰ পাহাৰীয়া পথ উন্নয়নৰ বাবে এই পৰিকল্পনা লোৱা হৈছে। কালি খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এই প্ৰকল্পৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়।

এই অনুষ্ঠানত বিশ্ব বেংকৰ প্ৰতিনিধি, ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া, কাৰিকৰী বিশেষজ্ঞ, পৰামৰ্শদাতা আৰু অংশীদাৰসকল উপস্থিত আছিল।