ডিমা হাচাও জিলাৰ উমৰাংছ’ৰ কয়লাখনিত আবদ্ধ শ্রমিকসকলক উদ্ধাৰৰ বাবে প্ৰতিকূল বতৰকো নেওচি অভিযান অব্যাহত আছে। ক’ল ইণ্ডিয়া লিমিটেডৰ উদ্ধাৰকাৰী দলে আজি অত্যাধুনিক সৰঞ্জামেৰে উমৰাংছ’ৰ কয়লা খনিটোৰ পৰা পানী নিষ্কাষণৰ চেষ্টা চলাব। নৌসেনাই আবদ্ধ শ্রমিক কেইজনৰ সম্ভেদ উলিয়াবৰ বাবে পানীৰ তলত চলাচল কৰা দূৰ সংবেদী ব্যৱস্থাচালিত অত্যাধুনিক বিশেষ বাহন ব্যৱহাৰ কৰিছে। উদ্ধাৰকাৰী দলসমূহে অভিযানৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি নিশাৰ ভাগতো উদ্ধাৰকাৰ্য অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে।
Assamese | January 9, 2025 12:55 PM | Akashvani News | Dima Hasao District | umrangso coal mine | Umrangso-coal-tragedy
উমৰাংছ’ৰ কয়লাখনিত আবদ্ধ শ্রমিকসকলক উদ্ধাৰৰ বাবে প্ৰতিকূল বতৰকো নেওচি অভিযান অব্যাহত