এইবাৰৰ বাজেট চৰকাৰৰ সংকল্প পত্ৰত থকা প্রতিশ্রুতিসমূহ বাস্তবায়িত কৰাৰ দিশত সুদৃঢ় প্ৰতিফলনঃ মুখ্যমন্ত্রী

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এইবাৰৰ বাজেটক চৰকাৰৰ সংকল্প পত্ৰত থকা প্রতিশ্রুতিসমূহ বাস্তবায়িত কৰাৰ দিশত সুদৃঢ় প্ৰতিফলন বুলি মন্তব্য কৰিছে। ২০২৬-২৭ বৰ্ষৰ বাজেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি ড° শৰ্মাই কয়, যে এই বাজেটত কোনো নতুন কৰ আৰোপ নকৰাৰ ফলত ই এখন সম্পূৰ্ণ কৰ নিৰপেক্ষ বাজেট হৈছে।

তেওঁ লগতে কয়, যে বাজেটত প্ৰথমবাৰৰ বাবে সেউজ কৰ প্ৰস্তাৱ কৰা হৈছে যাৰ পৰা সংগৃহীত ধন ৰাজ্যজুৰি গছপুলি ৰোপণ কাৰ্যসূচীত ব্যয় কৰা হ’ব। এই পদক্ষেপে পৰিৱেশ সংৰক্ষণ, প্ৰদূষণ নিয়ন্ত্ৰণ আৰু এখন সেউজ তথা বহনক্ষম ৰাজ্য গঢ়াৰ দিশত বিশেষ ভূমিকা পালন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।