ধেমাজিৰ অসম-অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদটিত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত ১১জন অসমীয়া লোক গুলিবিদ্ধ

ধেমাজিৰ অসম-অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদটিত কালি অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত ১১জন অসমীয়া লোক গুলিবিদ্ধ হয়।

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি ধেমাজিৰ অসম-অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলত সীমা সমস্যাক লৈ চলি থকা বিবাদৰ প্ৰতি প্ৰশাসনে বিশেষ ব্যৱস্থা নোলোৱাৰ ফলতেই মিংমাং বদটিৰ গিমে বস্তিত এই ভয়ংকৰ কাণ্ড সংঘটিত হোৱা বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰে।

ইফালে, এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ড° শৰ্মাই কালি সাংবাদিকৰ আগত কয়, যে এই ঘটনা সন্দৰ্ভত সবিশেষ কথা পাতিবৰ বাবে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক দায়িত্ব দিয়া হৈছে।

ইফালে, উত্তেজনাই বিৰাজ কৰা ধেমাজিৰ অসম-অৰুণাচলৰ সীমান্ত অঞ্চলত শান্তি-শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত আৰক্ষীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিছে। অঞ্চলটোলৈ নিৰাপত্তা বাহিনীৰ লোককো মোতায়েন কৰা হৈছে।