September 2, 2026 6:05 PM

views 28

অসম অৰুণাচল সীমান্তৰ হিংসাত্মক ঘটনাৰ প্ৰতিবাদত ধেমাজিত দল সংগঠনৰ প্রতিবাদী কাৰ্যসূচী অব্যাহত

অসম অৰুণাচল সীমান্তৰ মিংমাং বদতিত যোৱা ১০ আগষ্টত সংঘটিত হিংসাত্মক ঘটনাৰ প্ৰতিবাদত ধেমাজিত দল সংগঠনে প্রতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে। জিলাখনৰ ৭ টা জাতীয় সংগঠনৰ যৌথ মঞ্চ- ধেমাজী ঐক্যমঞ্চই স্থানীয় ৰাইজৰ সহযোগত আজি কাছাৰী ময়দানৰ সন্মুখত ৰাজহুৱা মুণ্ডন আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে এই ঘটনাৰে জড়িত দুর্বৃত্তক শীঘ্ৰে গ্ৰেপ্তাৰ, অসম অৰুণাচলৰ সীমা সমস্যাৰ সমাধান, অসমৰ মাটিত স্থাপন কৰা অৰুণাচলৰ নিৰাপত্তাৰক্ষীৰ শিবিৰ স্থানান্তৰকৰণ, আন্তৰাজ্যিক সীমা অঞ্চলত বাস কৰা অসমৰ প্ৰ...

August 11, 2026 1:03 PM

views 48

ধেমাজিৰ অসম-অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদটিত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত ১১জন অসমীয়া লোক গুলিবিদ্ধ

ধেমাজিৰ অসম-অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদটিত কালি অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত ১১জন অসমীয়া লোক গুলিবিদ্ধ হয়। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি ধেমাজিৰ অসম-অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলত সীমা সমস্যাক লৈ চলি থকা বিবাদৰ প্ৰতি প্ৰশাসনে বিশেষ ব্যৱস্থা নোলোৱাৰ ফলতেই মিংমাং বদটিৰ গিমে বস্তিত এই ভয়ংকৰ কাণ্ড সংঘটিত হোৱা বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰে। ইফালে, এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ড° শৰ্মাই কালি সাংবাদিকৰ আগত কয়, যে এই ঘটনা সন্দৰ্ভত স...

August 10, 2026 8:11 PM

views 35

ধেমাজিৰ অসম-অৰুণাচল সীমান্তত দুৰ্বৃত্তৰ আক্ৰমণত ১১জন অসমীয়া লোক গুলীবিদ্ধ

ধেমাজিৰ অসম-অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদটিত আজি অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত ১১জন অসমীয়া লোক গুলীবিদ্ধ হয়। গুলীবিদ্ধ লোককেইজন সম্প্ৰতি ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু গুৰুতৰভাৱে আহত চাৰিগৰাকীক ডিব্ৰুগড়ত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ।  উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি ধেমাজিৰ অসম-অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলত সীমা সমস্যাক লৈ চলি থকা বিবাদৰ প্রতি প্রশাসনে বিশেষ ব্যৱস্থা নোলোৱাৰ ফলতেই মিংমাং বদটিৰ গিমে বস্তিত এই ভয়ংকৰ কাণ্ড সংঘটিত হোৱা বুলি স্থানীয় লোকে অভিযো...