ধেমাজিৰ অসম-অৰুণাচল সীমান্তত দুৰ্বৃত্তৰ আক্ৰমণত ১১জন অসমীয়া লোক গুলীবিদ্ধ

ধেমাজিৰ অসম-অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদটিত আজি অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত ১১জন অসমীয়া লোক গুলীবিদ্ধ হয়। গুলীবিদ্ধ লোককেইজন সম্প্ৰতি ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু গুৰুতৰভাৱে আহত চাৰিগৰাকীক ডিব্ৰুগড়ত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে । 

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি ধেমাজিৰ অসম-অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলত সীমা সমস্যাক লৈ চলি থকা বিবাদৰ প্রতি প্রশাসনে বিশেষ ব্যৱস্থা নোলোৱাৰ ফলতেই মিংমাং বদটিৰ গিমে বস্তিত এই ভয়ংকৰ কাণ্ড সংঘটিত হোৱা বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰে। 

ইফালে, এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রতিক্রিয়া প্ৰকাশ কৰে। নগাঁও জিলাৰ ৰহাৰ এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ পাছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রী ড০ শৰ্মাই এই সন্দৰ্ভত কয় যে গুলীচালনাৰ ঘটনা সন্দৰ্ভত অনুসন্ধান কৰা হ’ব আৰু কোনো কাৰণতে অসমৰ ভূমি এৰি দিয়া নহ’ব।

ইতিমধ্যে ৰাজ্যৰ মুখ্য সচিব আৰু অৰুণাচল প্ৰদেশৰ মুখ্য সচিবৰ মাজত হোৱা আলোচনাত অসম আৰক্ষীৰ সঞ্চালক প্রধানে অংশগ্রহণ কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই লগতে কয় যে ৰাজ্যৰ আৰক্ষী বাহিনী সীমান্ত অঞ্চলৰ শান্তি শৃংখলা বজাই ৰাখিবলৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। ইতিমধ্যে সীমান্ত অঞ্চললৈ অতিৰিক্ত নিৰাপত্তা বাহিনী প্ৰেৰণ কৰা হৈছে।