অসম অৰুণাচল সীমান্তৰ হিংসাত্মক ঘটনাৰ প্ৰতিবাদত ধেমাজিত দল সংগঠনৰ প্রতিবাদী কাৰ্যসূচী অব্যাহত

অসম অৰুণাচল সীমান্তৰ মিংমাং বদতিত যোৱা ১০ আগষ্টত সংঘটিত হিংসাত্মক ঘটনাৰ প্ৰতিবাদত ধেমাজিত দল সংগঠনে প্রতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে।

জিলাখনৰ ৭ টা জাতীয় সংগঠনৰ যৌথ মঞ্চ- ধেমাজী ঐক্যমঞ্চই স্থানীয় ৰাইজৰ সহযোগত আজি কাছাৰী ময়দানৰ সন্মুখত ৰাজহুৱা মুণ্ডন আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

প্ৰতিবাদকাৰীসকলে এই ঘটনাৰে জড়িত দুর্বৃত্তক শীঘ্ৰে গ্ৰেপ্তাৰ, অসম অৰুণাচলৰ সীমা সমস্যাৰ সমাধান, অসমৰ মাটিত স্থাপন কৰা অৰুণাচলৰ নিৰাপত্তাৰক্ষীৰ শিবিৰ স্থানান্তৰকৰণ, আন্তৰাজ্যিক সীমা অঞ্চলত বাস কৰা অসমৰ প্ৰতিজন নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰাকে ধৰি বিভিন্ন দাবী জনায়।

তেওঁলোকে লগতে মিংমাং বদতিৰ ঘটনাত আহত হোৱা লোকসকলৰ এককালীন সাহায্য ২ লাখৰ পৰা ৫ লাখ টকালৈ বৃদ্ধি কৰাৰ বাবেও দাবী জনায়।