ৰাজ্যত সাময়িকভাৱে বন্ধ হৈ থকা চৰকাৰী জনকল্যাণমূলক আঁচনিসমূহ আগষ্টৰ পৰা পুনৰ আৰম্ভ হ’বঃ মুখ্যমন্ত্ৰী

ৰাজ্য চৰকাৰে সাময়িকভাৱে বন্ধ কৰি ৰখা কেইবাখনো জনকল্যাণমূলক আঁচনি আগষ্টৰ পুনৰ আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে ঘোষণা কৰিছে। সেই অনুসৰি অহা ৩ আগষ্টৰ পৰা অৰুণোদয় আঁচনি আৰম্ভ কৰা হ’ব। ৰাজ্যৰ প্ৰতিখন পঞ্চায়ততে ৰাজহুৱা সভা আয়োজন কৰি হিতাধিকাৰীসকলক সেইদিনা আনুষ্ঠানিকভাৱে এই আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰা হ’ব।

ইফালে, ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তিৰ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছতে অহা ৬ আৰু ৭ আগষ্টৰ পৰা নিযুত ম‍ইনা আৰু নিযুত বাবু আঁচনিও আৰম্ভ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে মহাবিদ্যালয়সমূহত প্ৰমাণ পত্ৰ বিতৰণ কৰাৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলে প্রয়োজনীয় আনুষ্ঠানিকতা সম্পন্ন কৰি প্ৰমাণ পত্ৰ ঘূৰাই দিব আৰু ৰাজ্য চৰকাৰে এমাহৰ ভিতৰতে যাৱতীয় কার্য সম্পাদন কৰাৰ পাছত শিক্ষার্থীসকলে নিয়মীয়াকৈ এই আঁচনিৰ সুবিধা লাভ কৰিব।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে আগষ্টৰ পৰাই চৰকাৰে ৰাজসাহায্যযুক্ত চাউল, চেনী আৰু দাইল বিতৰণৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিব। ইপিনে স্নাতক ছাত্র-ছাত্রীসকলে অহা ছেপ্তেম্বৰৰ পৰা জীৱন প্ৰেৰণা আঁচনিৰ অধীনত সুবিধা লাভ কৰিব বুলিও তেওঁ কয়। তদুপৰি ৰাজ্য চৰকাৰে শীঘ্ৰেই ২ লাখ চৰকাৰী পদত নতুন নিযুক্তিৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আনহাতে, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে পূৰ্বৰ হিতাধিকাৰীসকলক দ্বিতীয় কিস্তিৰ ধন প্ৰদানৰ লগতে নতুনকৈ ৫০ হাজাৰ যুৱক-যুৱতীক এই আঁচনিত অন্তৰ্ভুক্ত কৰাৰ কথাও তেওঁ জানিবলৈ দিয়ে।

ভূমি সংস্কাৰ তথা খিলঞ্জীয়াক ভূমিৰ অধিকাৰ দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মিছন বসুন্ধৰা ১, ২ আৰু ৩ৰ অধীনত ইতিমধ্যে প্রায় ১০ লাখ লোক উপকৃত হৈছে যদিও বহু লোক এতিয়াও এই সুবিধাৰ পৰা বঞ্চিত হৈ থকাত অহা ২৫ ডিচেম্বৰৰ পৰা বসুন্ধৰাৰ চতুৰ্থ পৰ্যায় মুকলি কৰা হ’ব। বঞ্চিত লোকসকলে বিশেষ অনলাইন পোৰ্টেলযোগে ভূমি সম্পৰ্কীয় অভিযোগ দিয়াৰ লগতে প্ৰতিকাৰৰ বাবে আবেদন দাখিল কৰিব পাৰিব।

ড০ শৰ্মাই কালি নিজৰ পুঁথিভঁৰালৰ পৰা পোনপটীয়াকৈ ভাষণ দি ৰাইজৰ প্ৰতিটো পৰিয়ালকে ঘৰুৱা পুঁথিভঁৰাল বা কিতাপেৰে ভৰা আলমিৰা একোটা ঘৰত ৰাখি পঢ়াৰ সংস্কৃতি গঢ়ি তুলিবলৈ আহ্বান জনায়। ড° শৰ্মাই অসমৰ উন্নয়নৰ ৰূপৰেখাৰ বিভিন্ন দিশ আলোকপাত কৰাৰ লগতে চাহ উদ্যোগক অধিক লাভজনক কৰি তুলিবলৈ অৰ্থডক্স আৰু মাচ্চা চাহৰ উৎপাদন বৃদ্ধিৰ লগতে ৰপ্তানিৰ দিশটোও ত্বৰান্বিত কৰাৰ কথা উল্লেখ কৰে। এই ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা চাহ খেতিয়কসকললৈ ৰাজসাহায্য আগবঢ়োৱাৰ কথা তেওঁ বিশেষভাৱে উনুকিয়ায়। ইয়াৰ লগতে তেওঁ কৃষিখণ্ডৰ সৱলীকৰণ, জলসিঞ্চন ব্যৱস্থাৰ সম্প্ৰসাৰণ, সেউজ শক্তি, শক্তি উৎপাদন আদি দিশত ল’ব লগা চৰকাৰী পদক্ষেপৰ বিষয়েও জনসাধাৰণক অৱগত কৰে।

ৰাজ্যৰ ঐতিহ্য আৰু পৰ্যটনৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে কাশী বিশ্বনাথৰ দৰে গুৱাহাটীৰ কামাখ্যা মন্দিৰত কৰ্ডিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে। ২০২৪ চনতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কামৰ শিলান্যাস কৰিছিল যদিও আইনী বাধাৰ বাবে নিৰ্মাণ কাৰ্য স্থবিৰ হৈ আছিল। সম্প্ৰতি এই বাধা আঁতৰি যোৱাত প্ৰায় ৫০০ কোটি টকা ব্যয়েৰে এই প্ৰকল্প সম্পূৰ্ণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। ইফালে, কোচ বিহাৰত থকা মধুপুৰ সত্ৰক বটদ্ৰবাৰ দৰেই আটক ধুনীয়াকৈ পুনৰ নিৰ্মাণ কৰাৰ কথা ব্যক্ত কৰি মুখ্যমন্ত্রীয়ে ইতিমধ্যে এই বিষয়ে পশ্চিমবংগ চৰকাৰৰ লগত হোৱা ফলপ্রসূ আলোচনাৰ কথাও জানিবলৈ দিয়ে।

ড০ শৰ্মাই কাৰেং ঘৰৰ সৌন্দৰ্য বর্ধন প্রকল্পৰ বিষয়ে উল্লেখ কৰে। ইয়াৰ লগতে ২০২৮ চনত যোৰহাট মাজুলী সংযোগী দলংখন মুকলি কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।
মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ খহনীয়াক লৈ চিন্তা ব্যক্ত কৰাৰ লগতে ধেমাজি আৰু লখিমপুৰৰ বানত ক্ষতিগ্ৰস্ত ৰাইজক ৰাজ্য চৰকাৰে সকলো সাহায্য আগবঢ়াব বুলি আশ্বাস দিয়ে। অৱশ্যে এইবাৰৰ প্ৰথমটো বানত জিলাখনৰ কোনো মথাউৰি নভঙাটো ইতিবাচক দিশ বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে বীৰ লাচিত বৰফুকনৰ জীৱনক লৈ এখন ব্যয়বহুল বাজেটৰ ছবি নিৰ্মাণৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে ইতিমধ্যে বলিউডৰ প্ৰখ্যাত পৰিচালক আদিত্য ধৰৰ লগত এই বিষয়ে আলোচনা কৰা হৈছে।