ৰাজ্য চৰকাৰৰ বীৰ আহোম সেনাপতি লাচিত বৰফুকনৰ জীৱনৰ ভিত্তিত হিন্দী চিনেমা নিৰ্মাণৰ পৰিকল্পনা

ৰাজ্যত অহা ৩ আগষ্টৰ পৰা অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰা হ’ব। সেইদিনা ৰাজ্যৰ প্ৰতিখন পঞ্চায়ততে ৰাজহুৱা সভাৰ আয়োজন কৰি হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে এই আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰা হ’ব।

ৰাজ্য চৰকাৰে সাময়িকভাৱে বন্ধ কৰি ৰখা কেইবাখনো জনকল্যাণমূলক আঁচনি অহা মাহৰ পৰা পুনৰ আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে ঘোষণা কৰিছিল। সেই অনুসৰি, ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তিৰ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছতে অহা ৬ আগষ্টৰ পৰা নিযুত মইনা আৰু ৭ আগষ্টৰ পৰা নিযুত বাবু আঁচনিও আৰম্ভ কৰা হ’ব। অহা মাহৰ পৰাই চৰকাৰে ৰাজসাহায্যযুক্ত চাউল, চেনী আৰু দাইল বিতৰণৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

ইপিনে, স্নাতক উত্তীর্ণ ছাত্র-ছাত্রীসকলে অহা ছেপ্তেম্বৰৰ পৰা জীৱন প্ৰেৰণা আঁচনিৰ অধীনত সুবিধা লাভ কৰিব। তদুপৰি ৰাজ্য চৰকাৰে শীঘ্ৰেই ২ লাখ চৰকাৰী পদত নতুন নিযুক্তিৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিব বুলি ড° শৰ্মাই উল্লেখ কৰে। আনহাতে, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে পূৰ্বৰ হিতাধিকাৰীসকলক দ্বিতীয় কিস্তিৰ ধন প্ৰদানৰ লগতে নতুনকৈ ৫০ হাজাৰ যুৱক-যুৱতীক এই আঁচনিত অন্তৰ্ভুক্ত কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।

ভূমি সংস্কাৰ তথা খিলঞ্জীয়াক ভূমিৰ অধিকাৰ দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মিছন বসুন্ধৰা ১, ২ আৰু ৩ৰ অধীনত ইতিমধ্যে প্রায় ১০ লাখ লোক উপকৃত হৈছে যদিও বহু লোক এতিয়াও এই সুবিধাৰ পৰা বঞ্চিত হৈ আছে। তেওঁ অহা ২৫ ডিচেম্বৰৰ পৰা বসুন্ধৰাৰ চতুর্থ পৰ্যায় মুকলি কৰা হ’ব বুলি জানিবলৈ দিয়ে। বঞ্চিত লোকসকলে বিশেষ অনলাইন পোর্টেলযোগে ভূমি সম্পৰ্কীয় অভিযোগ দিয়াৰ লগতে প্ৰতিকাৰৰ বাবে আবেদন দাখিল কৰিব পাৰিব।

ড° শৰ্মাই কালি নিজৰ পুঁথিভঁৰালৰ পৰা সামাজিক মাধ্যমত পোনপটীয়াকৈ মত প্ৰকাশ কৰি প্ৰতিটো পৰিয়ালকে ঘৰুৱা পুঁথিভঁৰাল বা কিতাপেৰে ভৰা আলমিৰা একোটা ঘৰত ৰাখি কিতাপ পঢ়াৰ সংস্কৃতি গঢ়ি তুলিবলৈ আহ্বান জনায়।