২০২৮ চনৰ ভিতৰত অসমক ১০ লাখ কোটি টকাৰ অৰ্থনীতিলৈ উন্নীত কৰাৰ লক্ষ্যৰে এইবাৰ বাজেট প্ৰস্তুত কৰা হ’ব।
২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট প্ৰস্তুতিৰ অংশ হিচাপে কালি গুৱাহাটীৰ লোকসেৱা ভৱনত ১৩ টা বিভাগত বাজেট প্রস্তাৱৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এইদৰে মন্তব্য কৰে।
বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে জনমুখী আৰু উন্নয়নমুখী বাজেটৰ জৰিয়তে অসমৰ সামগ্রিক বিকাশ ত্বৰান্বিত কৰাত গুৰুত্ব আৰোপ কৰে।
উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে এখন জনমুখী বাজেট প্রস্তুত কৰাৰ লক্ষ্যৰে বিভিন্ন দল-সংগঠন, ব্যক্তিৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিছে।