ৰাজ্যত মাদক দ্রব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণৰ বিষয়ে প্ৰকাশ কৰিছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি বিধানসভাত প্ৰকাশ কৰে। কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৰাজ্যত মাদক দ্রব্য সৰবৰাহ সন্দৰ্ভত তথ্যসহ উত্থাপন কৰাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে এই কথা জানিবলৈ দিয়ে।
ড০ শৰ্মাই কয়, যে আৰক্ষীয়ে মাদক দ্রব্যমুক্ত অসম গঢ়াৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। অপৰাধীয়ে আইন হাতত তুলি ল’লে আৰক্ষীয়ে প্ৰত্যুত্তৰ দিবলৈ বাধ্য হয় আৰু সমালোচনাৰ সন্মুখীন হয়। এনে কাৰ্য নিৰ্মূল কৰাৰ বাবে ভৱিষ্যতেও চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক সহযোগিতা আগবঢ়াবলৈ মুখ্যমন্ত্ৰীয়ে সদনৰ প্ৰতি আহ্বান জনায়। তেওঁ কয়, যে মাদক দ্রব্য সৰবৰাহ ৰোধৰ বাবে আৰক্ষীয়ে কঠোৰ অভিযান চলাই যদিও ইয়াৰ যোগান শৃংখলা বন্ধ কৰাৰ প্ৰচেষ্টা ম্যানমাৰ, মিজোৰাম, মণিপুৰ আদি সীমান্ত অঞ্চলসমূহত ব্যর্থ হয়। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ প্রয়োজন বুলি মুখ্যমন্ত্রীয়ে কয়। মাদক দ্রব্য ব্যৱসায়ৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা ল’ব বুলিও তেওঁ ঘোষণা কৰে।
মুখ্যমন্ত্ৰীয়ে নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্তসকলৰ পুনৰ সংস্থাপনৰ বাবে নিষ্ঠাৰে কাম কৰা স্বেচ্ছাসেৱী সংস্থাসমূহক আগবাঢ়ি আহিবলৈ আহ্বান জনায়। ইয়াৰ বাবে এখন আঁচনি ৰূপায়ণ কৰা হ’ব বুলিও তেওঁ সদনক জানিবলৈ দিয়ে। উল্লেখযোগ্য যে কংগ্ৰেছৰ বিধায়কগৰাকীয়ে ২০২১ চনৰ পৰা ২০২৫ চনলৈ ৰাজ্যত প্ৰায় দুহেজাৰ ৯২৯ কোটি টকা মূল্যৰ মাদক দ্রব্য জব্দ হোৱা বুলি সদনক তথ্য দিছিল।
ইপিনে ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয় দিনা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা অনুষ্ঠিত হৈছে। আজি সদন পৰিচালনা নিয়মাৱলীৰ ৩০১ নিয়মৰ অধীনতো বহুকেইটা বিষয়ত আলোচনা হৈছে। বিধায়ক কৃষ্ণেন্দু পালে আজি জলজীৱন মিছন সন্দৰ্ভত প্রশ্ন উত্থাপন কৰে।
কালিৰে পৰা অনুষ্ঠিত ২১ দিনীয়া অধিৱেশনত মুঠ ১৬ খন বৈঠক অনুষ্ঠিত হ’ব। বিত্ত মন্ত্রী জয়ন্ত মল্লবৰুৱাই ১০ জুলাইত ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূর্ণাংগ বাজেট উত্থাপন কৰিব। অহা ৩১ জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব।