ৰাজ্যৰ সকলো সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰৰ বৈধ্যতাৰ সময়সীমা ৩০ জুনৰ পৰিৱৰ্তে ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ

ৰাজ্যিক মন্ত্রীসভাই ভূমি ৰূপান্তৰ বিধি অধিক সৰল কৰি তোলাৰ উদ্দেশ্যে অসম ভূমি পুনৰ শ্ৰেণীভুক্তকৰণ তথা হস্তান্তৰ নিয়ন্ত্রণ সংশোধনী বিধেয়ক ২০২৬ ত অনুমোদন জনাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ আগত কয়, যে ৰাজ্যত উদ্যোগিক আৰু বাণিজ্যিক বিনিয়োগত উদগনি যোগোৱাৰ লক্ষ্যৰে প্ৰস্তুত কৰা এই বিধেয়কখন বিধানসভাৰ আসন্ন বাজেট অধিবেশনত উত্থাপন কৰা হব।

ইয়াৰ অধীনত ক্ষুদ্র, খাদী উদ্যোগ আৰু সৌৰ শক্তি প্রকল্প স্থাপনৰ বাবে স্বয়ংক্রিয়ভাৱে ভূমি ৰূপান্তৰৰ অনুমতি লাভ কৰিব পৰা যাব বুলি তেওঁ উল্লেখ কৰে৷

ড° শৰ্মাই কয় যে সুলভ মূল্যৰ দোকানসমূহৰ কাম-কাজ নিৰৱচ্চিন্নভাৱে অব্যাহত ৰখাৰ লগতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত হিতাধিকাৰীসকলক সুকলমে খাদ্য বিতৰণৰ বাবে ৰাজ্যৰ সকলো সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰৰ বৈধ্যতাৰ সময়সীমা ৩০ জুনৰ পৰিৱৰ্তে ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।

তেওঁ কয় যে বৈঠকত অসম চাহ নিগম লিমিটেডক ৯ কোটি ৭৫ লাখ টকাৰ পুজি মুকলি কৰি দিয়াত অনুমোদন দিয়া হৈছে।

এই পুঁজি অসম চাহ নিগম লিমিটেডে কাৰ্যবাহী বিষয়াসকলৰ স্বেচ্ছামূলক অৱসৰৰ বাবে ব্যৱহাৰ কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মন্ত্রীসভাই গ্রামাঞ্চলত ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ বাবে ন্যূনতম ভূমিৰ প্ৰয়োজনীয়তা ৬০ বিঘাৰ পৰা ৩৫ বিঘালৈ আৰু চহৰাঞ্চলৰ ৩০ বিঘাৰ পৰা ২১ বিঘালৈ হ্ৰাস কৰাৰ ক্ষেত্ৰতো অনুমোদন দিছে।

তেওঁ কয়, যে নিৰ্ধাৰিত শৈক্ষিক আৰু সুৰক্ষাৰ মান নিশ্চিত কৰাৰ লগতে বিদ্যালয় শিক্ষাখণ্ডত প্ৰস্তাৱৰ অধীনত চৰ অঞ্চলৰ বাবে প্ৰাথমিক বিদ্যালয়ৰ পৰা মাধ্যমিক বিদ্যালয়ৰ প্ৰয়োজনীয় ন্যূনতম বিল্ট আপ এলেকা এক বিঘা আৰু গ্ৰামাঞ্চলৰ বাবে ৩ বিঘা কৰা হৈছে।

এনে বিদ্যালয়ত অনাময় ব্যৱস্থা, খোৱাপানী, চাৰিসীমাৰ দেৱাল, দুৰ্যোগ প্রশমন তথা দিব্যাংগসকলৰ বাবে অনুকুল ব্যৱস্থা বাধ্যতামূলক হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

মুখ্যমন্ত্ৰীয়ে বৈঠকত ৰাজ্যৰ হোমষ্টে সমূহৰ পঞ্জীয়ন সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত লোৱা হৈছে বুলি সদৰী কৰে। হোমষ্টে সমূহে তিনি বছৰৰ মূৰে মূৰে পঞ্জীয়ন নৱীকৰণ কৰিব লাগিব আৰু কোঠাৰ সংখ্যা ৬ৰ পৰা ৮লৈ বৃদ্ধি কৰিব পাৰিব বুলি বৈঠকত সিদ্ধান্ত লোৱা হয়।

এটা প’ৰ্টেলত এই পঞ্জীয়ন নৱীকৰণ কৰিব লাগিব। তেওঁ লগতে জাপানৰ প্রধানমন্ত্ৰীৰ অসম ভ্রমণ বাতিল কৰা হৈছে বুলি প্ৰকাশ কৰে। ড° শৰ্মাই কয় যে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ সচিব বিক্রম মিশ্রীয়ে এই কথা ইতিমধ্যে স্পষ্ট কৰিছে।

ধৰ্মীয় অনুষ্ঠানৰ ওচৰৰ মাটি ক্ৰয় কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে আৰোপ কৰা নিষেধাজ্ঞা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে এইক্ষেত্ৰত কিছু সাল-সলনি কৰা হ’ব।