শ্বিলঙত বুধবাৰে সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ মেঘলায়ৰ উপ-মুখ্যমন্ত্ৰীৰ সৈতে বার্তালাপ

মেঘালয়ত খাচী ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ মাজতে অসমৰ গাড়ীত চলোৱা আক্ৰমণৰ ঘটনাক লৈ দুয়োখন ৰাজ্যত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দায়িত্ব অর্পণ কৰিছে।

ইয়াৰ পাছতে আজি দিছপুৰত শ্বিলঙৰ ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শ্ৰী বৰাই কয় যে, শ্বিলঙৰ প্ৰতিবাদৰ নামত ঘটা অপ্রীতিকৰ পৰিস্থিতিত শিশু সহ বহুতো লোক আঘাট প্রাপ্ত হয়। ঘটনাটোক দুৰ্ভাগ্যজনক আখ্যা দি এই সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা আৰম্ভ হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

মেঘালয়ত আৱদ্ধ হৈ থকা অসমৰ মানুহৰ যাতে কোনো অসুবিধা নহয় তাৰবাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও শ্ৰীবৰাই অৱগত কৰে। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত দুয়োখন ৰাজ্যৰ মাজত থকা সম্পৰ্ক যাতে বিনষ্ট নহয় সেয়া লক্ষ্য ৰাখিবলৈ দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ লগতে প্ৰতিবাদকাৰী সকলক মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।