October 10, 2026 1:43 PM

views 5

পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্রী অতুল বৰাৰ বৈঠক

ৰাজ্যত দীনদয়াল উপাধ্যায় গ্রামীণ কৌশল যোজনাৰ দ্বিতীয় পর্যায় ৰূপায়ণৰ শেহতীয়া অগ্ৰগতিৰ পৰ্যালোচনাৰ বাবে পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্রী অতুল বৰাই কালি গুৱাহাটীত এখন বৈঠকত অংশ লয়। বৈঠকত আঁচনিখনৰ ফলপ্ৰসূ ৰূপায়ণৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হয়। শ্রীবৰাই কয় যে গ্রামোন্নয়ন মন্ত্রালয়ৰ অধীনত ৰূপায়িত এই আঁচনিখনে গ্রামাঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ যুৱক-যুৱতীসকলক উদ্যোগৰ চাহিদা অনুসৰি দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰি তেওঁলোকক কর্মসংস্থাপনৰ উপযোগী কৰি তোলাৰ লগতে আর্থিকভাবে স্বাবলম্বী হোৱাৰ পথ প্রশস্ত কৰিছে। তেও...

September 4, 2026 6:37 PM

views 21

জনতা ভৱনত বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বিভিন্ন আঁচনি আৰু উন্নয়নমূলক কামকাজৰ অগ্ৰগতিৰ খতিয়ান মন্ত্ৰী অতুল বৰাৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই আজি জনতা ভৱনত বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ বিভাগটোৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি আৰু উন্নয়নমূলক কামকাজৰ অগ্ৰগতিৰ খতিয়ান লয়। মন্ত্ৰীগৰাকীয়ে বিভাগৰ বিভিন্ন আঁচনিসমূহৰ সুফল যাতে জনসাধাৰণে সময় মতে লাভ কৰে, তাৰ বাবে আঁচনিসমূহৰ ক্ষীপ্ৰ আৰু ফলপ্ৰসূ ৰূপায়ণ সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে। তেওঁ লগতে বিষয়াসকলক বিভাগীয় কামকাজসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। শ্ৰী বৰাই যোগ্য বিষয...

August 21, 2026 5:55 PM

views 43

শ্বিলঙত বুধবাৰে সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ মেঘলায়ৰ উপ-মুখ্যমন্ত্ৰীৰ সৈতে বার্তালাপ

মেঘালয়ত খাচী ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ মাজতে অসমৰ গাড়ীত চলোৱা আক্ৰমণৰ ঘটনাক লৈ দুয়োখন ৰাজ্যত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দায়িত্ব অর্পণ কৰিছে। ইয়াৰ পাছতে আজি দিছপুৰত শ্বিলঙৰ ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শ্ৰী বৰাই কয় যে, শ্বিলঙৰ প্ৰতিবাদৰ নামত ঘটা অপ্রীতিকৰ পৰিস্থিতিত শিশু সহ বহুতো লোক আঘাট প্রাপ্ত হয়। ঘটনাটোক দুৰ্ভাগ্যজনক আখ্যা দি এই সন্দৰ্ভত মেঘালয়ৰ...

July 18, 2026 7:45 PM

views 18

বোকাখাত পৌৰসভাই নতুনকৈ ক্ৰয় কৰা অত্যাধুনিক বাহনসমূহ আজি অতুল বৰাৰ আনুষ্ঠানিকভাৱে উদ্বোধন

গোলাঘাট জিলাৰ বোকাখাত পৌৰসভাই নতুনকৈ ক্ৰয় কৰা অত্যাধুনিক বাহনসমূহ আজি মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। কেন্দ্ৰীয় চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত প্ৰায় ৪ কোটি ৩০ লাখ টকা ব্যয় সাপেক্ষে এই বাহনসমূহ ক্ৰয় কৰা হৈছে। এই বাহনসমূহৰ ভিতৰত আবর্জনা পৰিৱহনৰ বাবে ২ খন ডাম্পাৰ, ৩ খন নলা পৰিষ্কাৰ কৰা বিশেষ বাহনকে ধৰি ধূলি আৰু গৰমৰ প্ৰকোপ হ্ৰাস কৰাৰ বাবে এখন বিশেষ বাহনো আছে। বোকাখাত পৌৰসভাৰ কাৰ্যালয়ৰ চৌহদত আজি আনুষ্ঠানিকভাৱে বাহনসমূহ উদ...

July 9, 2026 12:44 PM

views 32

অসমৰ সৈতে সংলগ্ন বাংলাদেশ সীমান্তৰ ৩৮.৯৫৯ কিলোমিটাৰ অঞ্চল এতিয়াও উন্মুক্ত : মন্ত্ৰী অতুল বৰা

অসম চুক্তি ৰূপায়ণ আৰু সীমান্ত সুৰক্ষা তথা উন্নয়ন মন্ত্রী অতুল বৰাই কালি বিধানসভাত কয়, যে অসমৰ সৈতে সংলগ্ন বাংলাদেশ সীমান্তৰ ৩৮.৯৫৯ কিলোমিটাৰ অঞ্চল এতিয়াও উন্মুক্ত হৈ আছে। আনহাতে অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনৰ পৰামৰ্শাবলী কাৰ্যকৰী কৰাৰ বাবে চৰকাৰে উদ্যোগ গ্রহণ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে প্রকাশ কৰে। এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী শ্ৰীবৰাই কয়, যে অসমৰ সৈতে বাংলাদেশৰ সীমান্তৰ মুঠ দৈর্ঘ্য হৈছে ২৬৭.৫ কিলোমিটাৰ। ইয়াৰে ধুবুৰী জিলাত ৩০.৩৭০ কিলোমিটাৰ, দক্ষিণ শা...

July 3, 2026 12:45 PM

views 22

অতুল বৰাৰ অসম-নাগালেণ্ড সীমান্ত অঞ্চল পৰিদৰ্শন

 সীমান্ত উন্নয়ন মন্ত্রী অতুল বৰাই কালি অসম-নাগালেণ্ড সীমান্ত অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চল, নামবৰ সংৰক্ষিত বনাঞ্চল আৰু দৈয়াং সংৰক্ষিত বনাঞ্চল সীমামূৰীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰে। সীমান্ত অঞ্চলৰ ৰেংমা পানীত থকা চি আৰ পি এফৰ ছাউনীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে জ্যেষ্ঠ বিষয়াসকলৰ সৈতও বাৰ্তালাপ কৰে। তেওঁ সীমান্ত অঞ্চলৰ উন্নয়নমূলক কাম-কাজ, সুৰক্ষা ব্যৱস্থা আৰু সামগ্ৰীক পৰিস্থিতি সন্দৰ্ভত বিষয়াসকলৰ সৈতে আলোচনা কৰে। সীমান্তৰ স্থানীয় লোকসকলৰ সৈতে মন্ত্ৰীগৰাকীয...

June 19, 2026 10:35 PM

views 25

প্রধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত হিতাধিকাৰীসকলক ভাত্তা প্ৰদান

গুৱাহাটী মহানগৰৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী দামোদৰ দেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আজি প্রধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত হিতাধিকাৰীসকলক ভাত্তা প্ৰদান কৰা হয়। কলাক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানত মন্ত্ৰী অতুল বৰা, ৰামেশ্বৰ তেলী, বিধায়ক ড০ তপন দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্ত উপস্থিত থাকে।  অনুষ্ঠানত মন্ত্ৰী অতুল বৰাই উল্লেখ কৰে যে - প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্র দেশতে বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছে। এই আঁচনিসমূহৰ জৰিয়তে ২০৪৭ চনৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰ হিচ...

January 22, 2026 8:03 PM

views 52

অতুল বৰাৰ অধ্যক্ষতাত আজি আমবাৰীস্থিত দলৰ মুখ্য কাৰ্য্যালয়ত কেন্দ্ৰীয় সমিতিৰ বৰ্ধিত কাৰ্য্য নির্বাহক সভা অনুষ্ঠিত

অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ অধ্যক্ষতাত আজি আমবাৰীস্থিত দলৰ মুখ্য কাৰ্য্যালয়ত কেন্দ্ৰীয় সমিতিৰ বৰ্ধিত কাৰ্য্য নির্বাহক সভা অনুষ্ঠিত হয়। সভাত আসন্ন বিধানসভা নির্বাচনৰ লগতে দলৰ বিভিন্ন পৰ্য্যায়ৰ সাংগঠনিক বিষয় লৈ আলোচনা কৰা হয়। সভা সন্দৰ্ভত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত অতুল বৰাই কয়, যে দলটো শিপাৰ সন্ধানত ব্রতী হ'ব। তেওঁ লগতে দলীয় কর্মীসকলে স্থানীয় পর্য্যায়ত দলৰ ভেটি শক্তিশালী কৰা আৰু জনসংযোগ বৃদ্ধি কৰাৰ বাবে কাম কৰি আছে। বৈঠকত জয়ৰ সম্ভাৱনা থকা সমষ্টিবোৰ চিনাক্ত কৰি অগ্ৰাধিকাৰৰ ভিত্তিত কথাবোৰ বিব...

December 31, 2025 8:10 PM

views 54

অগপই ইংৰাজী ২০২৬ বছৰটোতো ৰাইজৰ সৱল কণ্ঠৰ ভূমিকা পালন কৰি যাব : অতুল বৰা

অসম গণ পৰিষদ দলে ইংৰাজী ২০২৬ বছৰটোতো ৰাইজৰ সৱল কণ্ঠৰ ভূমিকা পালন কৰি যাব। বছৰটোৰ অন্তিম দিনা আজি দলটোৰ আমবাৰী মুখ্য কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত দলৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই এই অংগীকাৰৰ কথা প্ৰকাশ কৰে। সভাপতি অতুল বৰাই কয় যে অসম গণ পৰিষদে ঘৰে ঘৰে সংস্থাপন-ঘৰে ঘৰে উপাৰ্জন শীৰ্ষক গ্ৰামাঞ্চলৰ অৰ্থনৈতিক বিকাশৰ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিব। ২০২৬ ৰ বিধানসভা নিৰ্বাচনত মিত্ৰদল বিজেপিৰ সৈতে দলটোৱে মিত্ৰতা অক্ষুণ্ণ ৰাখি জয়লাভৰ সম্ভাৱনা থকা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিব বুলি শ্ৰী...

December 25, 2025 11:46 AM

views 60

১৭ জানুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙাৰ বহু প্রত্যাশীত এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব

অহা বৰ্ষৰ ১৭ জানুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙাৰ বহু প্রত্যাশীত এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব বুলি বোকাখাটত কালি কৃষিমন্ত্রী অতুল বৰাই এই কথা প্রকাশ কৰে। তেওঁ লগতে কেন্দ্রীয় কেবিনেটে কলিয়াবৰৰ পৰা নুমলীগড়লৈ মুঠ ৮৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত পথ আৰু কাজিৰঙা এলিভেটেড কৰিডৰৰ বাবে ৬৯৫৭ কোটি টকাৰ অনুমোদন জনাইছে বুলি উল্লেখ কৰে। এই এলিভেটেড কৰিডৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীসমূহৰ জীৱন সুৰক্ষিত হ'ব বুলি আশা কৰা হৈছে। তেওঁ লগতে কয়, যে প্ৰধানমন্ত্ৰীগৰাকীয়ে কাজিৰঙাত নিশা কট...