পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই আজি জনতা ভৱনত বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ বিভাগটোৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি আৰু উন্নয়নমূলক কামকাজৰ অগ্ৰগতিৰ খতিয়ান লয়। মন্ত্ৰীগৰাকীয়ে বিভাগৰ বিভিন্ন আঁচনিসমূহৰ সুফল যাতে জনসাধাৰণে সময় মতে লাভ কৰে, তাৰ বাবে আঁচনিসমূহৰ ক্ষীপ্ৰ আৰু ফলপ্ৰসূ ৰূপায়ণ সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে।
তেওঁ লগতে বিষয়াসকলক বিভাগীয় কামকাজসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। শ্ৰী বৰাই যোগ্য বিষয়া-কৰ্মচাৰীৰ সময়মতে পদোন্নতি নিশ্চিত কৰা, খালী হৈ থকা পদসমূহ শীঘ্ৰে পূৰণ কৰা আৰু বিভাগটোৰ সেৱা প্রদান ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ জ্যেষ্ঠ বিষয়াসকলক নির্দেশ দিয়ে।
বৈঠকত গ্ৰামাঞ্চলৰ সামগ্রিক বিকাশ ত্বৰান্বিত কৰি জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। এই বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী, আয়ুক্ত ঐনাম চৰণ কুমাৰ সিঙকে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।