গুৱাহাটী মহানগৰৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী দামোদৰ দেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আজি প্রধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত হিতাধিকাৰীসকলক ভাত্তা প্ৰদান কৰা হয়। কলাক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানত মন্ত্ৰী অতুল বৰা, ৰামেশ্বৰ তেলী, বিধায়ক ড০ তপন দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্ত উপস্থিত থাকে।
অনুষ্ঠানত মন্ত্ৰী অতুল বৰাই উল্লেখ কৰে যে – প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্র দেশতে বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছে। এই আঁচনিসমূহৰ জৰিয়তে ২০৪৭ চনৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে। এই আঁচনিখনে দেশৰ যুৱশক্তিক উৎপাদনক্ষম, আত্মনিৰ্ভৰশীল কৰি তোলাত সহায় কৰিব ।