October 10, 2026 1:43 PM | Atul Bora

printer

পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্রী অতুল বৰাৰ বৈঠক

ৰাজ্যত দীনদয়াল উপাধ্যায় গ্রামীণ কৌশল যোজনাৰ দ্বিতীয় পর্যায় ৰূপায়ণৰ শেহতীয়া অগ্ৰগতিৰ পৰ্যালোচনাৰ বাবে পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্রী অতুল বৰাই কালি গুৱাহাটীত এখন বৈঠকত অংশ লয়। বৈঠকত আঁচনিখনৰ ফলপ্ৰসূ ৰূপায়ণৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হয়। শ্রীবৰাই কয় যে গ্রামোন্নয়ন মন্ত্রালয়ৰ অধীনত ৰূপায়িত এই আঁচনিখনে গ্রামাঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ যুৱক-যুৱতীসকলক উদ্যোগৰ চাহিদা অনুসৰি দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰি তেওঁলোকক কর্মসংস্থাপনৰ উপযোগী কৰি তোলাৰ লগতে আর্থিকভাবে স্বাবলম্বী হোৱাৰ পথ প্রশস্ত কৰিছে। তেওঁ লগতে কয় যে এই আঁচনিয়ে বৃত্তিমূলক প্রশিক্ষণ আৰু নিয়োগৰ সুযোগ সৃষ্টিৰে গ্ৰামাঞ্চলৰ যুৱক-যুৱতীসকলক দক্ষ মানৱ সম্পদ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বৈঠকত মন্ত্ৰীগৰাকীয়ে এই আঁচনিখনৰ ৰূপায়ণৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ উপৰি প্ৰশিক্ষণৰ গুণগত মান উন্নত কৰা, প্রশিক্ষণপ্রাপ্ত যুৱক যুৱতীসকলৰ বাবে নিয়োগ সৃষ্টি কৰা আৰু আঁচনিখনৰ সুফল প্রকৃত হিতাধিকাৰীয়ে লাভ কৰাত গুৰুত্ব আৰোপ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।