July 18, 2026 7:45 PM | Atul Bora

printer

বোকাখাত পৌৰসভাই নতুনকৈ ক্ৰয় কৰা অত্যাধুনিক বাহনসমূহ আজি অতুল বৰাৰ আনুষ্ঠানিকভাৱে উদ্বোধন

গোলাঘাট জিলাৰ বোকাখাত পৌৰসভাই নতুনকৈ ক্ৰয় কৰা অত্যাধুনিক বাহনসমূহ আজি মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। কেন্দ্ৰীয় চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত প্ৰায় ৪ কোটি ৩০ লাখ টকা ব্যয় সাপেক্ষে এই বাহনসমূহ ক্ৰয় কৰা হৈছে। এই বাহনসমূহৰ ভিতৰত আবর্জনা পৰিৱহনৰ বাবে ২ খন ডাম্পাৰ, ৩ খন নলা পৰিষ্কাৰ কৰা বিশেষ বাহনকে ধৰি ধূলি আৰু গৰমৰ প্ৰকোপ হ্ৰাস কৰাৰ বাবে এখন বিশেষ বাহনো আছে। বোকাখাত পৌৰসভাৰ কাৰ্যালয়ৰ চৌহদত আজি আনুষ্ঠানিকভাৱে বাহনসমূহ উদ্বোধন কৰি মন্ত্ৰী অতুল বৰাই পৌৰ এলেকাৰ অন্তৰ্গত ১০ টা বাৰ্ড পৰিষ্কাৰ-পৰিচ্ছন্ন ৰখাৰ ক্ষেত্ৰত এই বাহনসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰে ৷