অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত দীৰ্ঘদিনীয়া সীমান্ত সমস্যাসমূহৰ সমাধানৰ উদ্দেশ্যে গুৰুত্বপূৰ্ণ বৈঠক

অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত দীৰ্ঘদিনীয়া সীমান্ত সমস্যাসমূহৰ সমাধানৰ লগতে দুয়োখন ৰাজ্যৰ মাজত পাৰস্পৰিক সহযোগিতা, সমন্বয় আৰু সুসম্পৰ্ক অধি সুদৃঢ় কৰাৰ উদ্দেশ্যে গঠিত অসম-অৰুণাচল প্ৰদেশ আঞ্চলিক সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি অনুষ্ঠিত হয়। এই বৈঠকত মন্ত্ৰী অতুল বৰা, মন্ত্ৰী তথা এই আঞ্চলিক সমিতিৰ উপাধ্যক্ষ ৰামেশ্বৰ তেলীৰ লগতে অৰুণাচল প্ৰদেশ চৰকাৰৰ মন্ত্ৰী তথা আঞ্চলিক সমিতিৰ অধ্যক্ষ ওজিং টাছিঙে অংশগ্ৰহণ কৰে।

বৈঠকত দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী অসমৰ তিনিচুকীয়া জিলা আৰু অৰুণাচল প্ৰদেশৰ লৱাৰ দিবাং ভেলী জিলাৰ অন্তৰ্গত সীমান্তৱৰ্তী জনসাধাৰণৰ স্বাৰ্থ অধিকাৰ আৰু নিৰাপত্তাৰ বিষয়ত বিস্তৃতভাৱে আলোচনা কৰা হয়। পাৰস্পৰিক বুজাবুজি, আস্থা আৰু সহযোগিতাৰ আধাৰত সংশ্লিষ্ট সমস্যা সমাধানৰ পথ প্ৰশস্ত কৰাৰ লগতে দুয়োখন ৰাজ্যৰ চৰকাৰৰ মাজত প্ৰয়োজনীয় সমন্বয় অটুট ৰখাত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।

অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত দীৰ্ঘদিন ধৰি চলি অহা সীমান্ত সমস্যা সৌহার্দপূর্ণ সমাধানৰ দিশত ৰাজ্য চৰকাৰে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি আহিছে। ইতিমদ্যে দুয়োখন ৰাজ্যৰ মাজত এই সমস্যা সমাধানৰ বাবে পাৰস্পৰিক বুজাবুজি আৰু সহযোগিতাৰ ভিত্তিত এই প্ৰক্ৰিয়া ইতিবাচক দিশে আগবাঢ়িছে বুলিও মন্ত্ৰী অতুল বৰাই মন্তব্য কৰে। এই বৈঠক অৰুণাচল প্ৰদেশৰ ল’ৱাৰ দিবাং ভেলী জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয়।

বৈঠকত বিধায়ক বলিন চেতিয়া, তিনিচুকীয়াৰ জিলা আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ লগতে বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়া-কৰ্মচাৰীযে অংশগ্ৰহণ কৰে। লগতে বৈঠকত অৰুণাচল প্ৰদেশৰ বিধায়ক মুটুছু মিথি, পুইনিয়, আপুমৰ লগতে প্ৰশাসনৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত আছিল। সীমান্তৱৰ্তী অঞ্চলত স্থায়ী শান্তি আৰু সম্প্ৰীতি প্ৰতিষ্ঠাৰ বাবে আলোচনা, পাৰস্পৰিক সন্মান আৰু সহযোগিতাৰ মাজেৰে বিষয়টো বিশ্লেষণ আৰু সমাধান কৰা অত্যন্ত প্রয়োজনীয় বুলি বৈঠকৰ অন্তত মন্ত্ৰী বৰাই উল্লেখ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।