November 23, 2025 8:37 PM

views 118

কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰীত ইণ্ডো-ইজৰাইল চেণ্টাৰ অব এক্সেলেন্স ফৰ ভিজিটেবলছ শীর্ষক কেন্দ্ৰটোৰ স্থান কৃষি মন্ত্রী অতুল বৰাৰ পৰিদৰ্শন

কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰীত কাইলৈ ইজৰাইলৰ ৰাষ্ট্রদূত বিঅভেন আজাৰৰ উপস্থিতিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুকলি কৰিবলগীয়া ইণ্ডো-ইজৰাইল চেণ্টাৰ অব এক্সেলেন্স ফৰ ভিজিটেবলছ শীর্ষক কেন্দ্ৰটোৰ স্থান আজি কৃষি মন্ত্রী অতুল বৰাই পৰিদৰ্শন কৰে। অসম ৰাজ্যিক উদ্যান শস্য অভিযানৰ অধীনত ভাৰত-ইজৰাইল কৃষি প্রকল্প অর্থাৎ আই আই এ পিৰ অংশীদাৰিত্বৰে এই কেন্দ্ৰটো স্থাপন কৰা হৈছে। অত্যাধুনিক প্রযুক্তিৰ সুবিধাৰে সুসজ্জ্বিত এই কেন্দ্ৰটোৰ জৰিয়তে বাণিজ্যিক মূল্য থকা শস্যৰ উৎপাদনত গুৰুত্ব আৰোপ কৰা হৈছে। তদুপৰি বছৰজ...

September 5, 2025 8:31 PM

views 85

কৃষি বিভাগৰ উচ্চ পদস্থ বিষয়া সকলৰ সৈতে কৃষি মন্ত্ৰী অতুল বৰাৰ বৈঠক

ৰাজ্যখনৰ বিভিন্ন ঠাইৰ কৃষি ভূমিত শুঁৰ পোকৰ উপদ্ৰৱ ৰোধ কৰিবলৈ কৃষি বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে। কৃষি মন্ত্ৰী অতুল বৰাই দিচপুৰৰ জনতা ভৱনত আজি কৃষি বিভাগৰ উচ্চ পদস্থ বিষয়া সকলৰ সৈতে এই সন্দৰ্ভত পর্যালোচনা অংশ লয়। ৰাজ্যখনৰ কেইবাখনো জিলাৰ খৰাং সদৃশ পৰিস্থিতি কৃষক সকলক সহায় কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সমূহৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কাজিৰঙাত নির্মীয়মান অৰ্কিড উদ্যান, গোৱালপাৰাৰ দৰংগিৰিত নিৰ্মীয়মান কলৰ বজাৰ গৃহ শেহতীয়া অগ্ৰগতিৰ সন্দৰ্ভতো বৈঠকত পর্যালোচনা কৰে ৷ তেওঁ কৃষক সকলক ...

August 3, 2025 11:21 AM

views 66

বিভাগীয় বিষয়াসকলৰ সৈতে খৰাং সদৃশ পৰিস্থিতিৰ সন্দৰ্ভত কৃষি মন্ত্ৰী অতুল বৰাৰ আলোচনা

● ৰাজ্যৰ শেহতীয়া খৰাং সদৃশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে কালি কৃষিমন্ত্ৰী অতুল বৰাই বিভাগীয় বিষয়াসকলৰ সৈতে আলোচনা কৰে। দিছপুৰত অনুষ্ঠিত পর্যালোচনা বৈঠকত তেওঁ লগতে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যথোচিত পদক্ষেপ গ্ৰহণৰ বাবে বিষয়াসকলক যাৱতীয় নিৰ্দেশনা দিয়ে। মন্ত্ৰীগৰাকীয়ে পি. এম. কিষাণ, প্রধানমন্ত্রী ফচল বীমা যোজনা, আৰ. আই. ডি. এফকে ধৰি বিভিন্ন কৃষি আঁচনিৰ অধীনৰ কাম-কাজৰ শেহতীয়া অগ্ৰগতি আৰু ৰূপায়ণৰ সবিৱেশ পৰ্যালোচনা কৰে। তদুপৰি আঁচনিসমূহৰ সফল ৰূপায়ণৰ দ্বাৰ...

July 26, 2025 8:18 PM

views 74

অসম আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ ছহিদৰ স্মৃতিক্ষেত্ৰ পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ

অসম আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ ছহিদসকলৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যৰে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নির্মীয়মান ছহিদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান অহা নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব। ১১৬ বিঘা ভূমি সামৰি নির্মীয়মান এই উদ্যানত ছহিদ স্মাৰকৰ লগতে দেশৰ ভিতৰতে অন্যতম সুউচ্চ স্তম্ভ আৰু ছহিদ আৱক্ষ মূৰ্তি নিৰ্মাণ কৰি থকা হৈছে। মন্ত্ৰী অতুল বৰাই আজি এই নির্মীয়মান ক্ষেত্ৰ পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লোৱাৰ পাছত এইকথা প্ৰকাশ কৰে। তেওঁ কয়, যে এই উদ্যান আৰু স্মাৰকে ঐতিহাসিক অসম আন্দোলনৰ ছহিদসকলৰ স্ম...

July 17, 2025 9:26 PM

views 50

ধেমাজিত দলীয় কর্মকর্তাৰ সৈতে কৃষিমন্ত্রী অতুল বৰাৰ সাংগঠনিক সভা

কৃষিমন্ত্রী অতুল বৰাই ধেমাজিত আজি দলীয় কর্মকর্তা সকলৰ সৈতে এখন সাংগঠনিক সভাত অংশ লয়। তেওঁ তৃণমূল কর্মীসকলক দলটোৰ প্ৰধান চালিকা শক্তি বুলি অভিহিত কৰে। তৃণমূলৰ কৰ্মকৰ্তা সকলৰ সক্রিয় ভূমিকা আৰু উৎসর্গিত মনোভাৱে সকলোকে সবলভাৱে কাম কৰি যাবলৈ প্ৰেৰণা যোগাই আহিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। সমাগত বিভিন্ন পৰিষদীয় নির্বাচন আৰু ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে কৰ্মকৰ্তা সকলক অধিক সক্রিয় হ’বলৈ তেওঁ আহ্বান জনায়। লগতে তেওঁ দলটোক শক্তিশালী কৰাৰ স্বাৰ্থত সভাত কর্মকর্তা সকলক দিহা-পৰামৰ্শ আগবঢ়ায়।

June 10, 2025 6:53 PM

views 72

সাংসদ ফণীভূষণ চৌধুৰীৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে কৃষিমন্ত্ৰী মন্ত্ৰী অতুল বৰাৰ বৈঠক

কৃষিমন্ত্ৰী তথা নলবাৰী জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই আজি মুখ্যমন্ত্ৰী নগৰীয়া মহিলা উদ্যমিতা অভিযানৰ জিলা পৰ্যায়ৰ কাম-কাজ পর্যালোচনা কৰাৰ বাবে সাংসদ ফণীভূষণ চৌধুৰীৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বৈঠকত মিলিত হয়। এই বৈঠকত আঁচনিখনৰ ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লৈ মহিলাসকলক উপকৃত কৰিব পৰাকৈ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত যাৱতীয় কাম-কাজসমূহ সম্পূৰ্ণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নির্দেশ দিয়ে। জিলাখনত মিছন বসুন্ধৰা, অৰুণোদয়, অসম মালাকে ধৰি বিভিন্ন চৰকাৰী কল্যাণকামী আঁচনি ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত...

March 18, 2025 12:24 PM

views 65

ৰাজ্যৰ ৫০০ টা কৃষক উৎপাদক সংস্থাক ১০ লাখ টকাকৈ অনুদান দিয়াৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত

ৰাজ্যৰ ৫০০ টা কৃষক উৎপাদক সংস্থাক ১০ লাখ টকাকৈ অনুদান দিয়াৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰা বুলি কৃষি মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে ইয়াৰ বাবে বাজেটত ধন ধাৰ্য কৰা বুলি শ্ৰী বৰাই উল্লেখ কৰিছে। কৃষক উৎপাদনক সংস্থাসমূহে বন্ধকুমক্ত ঋণ প্ৰদান কৰিব পৰাকৈ এইবাৰৰ বাজেটত ক্রেডিট গেৰাণ্টি ফাণ্ড আঁচনিৰো প্ৰস্তাৱ দিয়া হৈছে বুলি তেওঁ কয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ মৰ্মে এইবাৰৰ বাজেটত ধান, মাকৈ আৰু সৰিয়হৰ ক্ষেত্ৰত কৃষকসকলে লাভ কৰা ন্যূনতম সমর্থন মূল্যৰ উপৰি প্ৰতি কুইণ...

March 7, 2025 10:54 AM

views 64

নামৰূপ সাৰ কাৰখানাত নতুন গোট স্থাপনৰ পাছত সাৰৰ নাটনি দূৰ হ’ব : মন্ত্ৰী অতুল বৰা

নামৰূপ সাৰ কাৰখানাত ১২ হাজাৰ ৬০০ কোটি টকা বিনিয়োগেৰে নতুন গোট স্থাপন কৰাৰ পাছত ৰাজ্যত সাৰৰ নাটনি দূৰ হ'ব বুলি কৃষিমন্ত্ৰী অতুল বৰাই কালি বিধানসভাত প্ৰকাশ কৰিছে। এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে ৰাজ্যত সাৰৰ কৃত্ৰিম নাটনি তথা কৃষকে উচ্চ দামত সাৰ কিনিবলৈ অক্ষম হোৱা সন্দৰ্ভত কৰা এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। মন্ত্ৰী বৰাই কয়, যে কৃষি বিভাগে জিলা প্ৰশাসনৰ লগত যুটীয়াভাৱে অনুসন্ধান কৰি সাৰ বিক্ৰীৰ ক্ষেত্ৰত কোনো ধৰণৰ অনিয়ম পোৱা নাই আৰু নামৰূপৰ অতিৰিক্ত গোটটো স্থাপন হোৱাৰ প...

March 6, 2025 11:01 AM

views 70

অসমৰ ৮২,৭৫২ হেক্টৰ ভূমি চুবুৰীয়া ৰাজ্যৰ দখলত আছেঃ অতুল বৰা

● অসমৰ ৮২,৭৫২ হেক্টৰ ভূমি চুবুৰীয়া ৰাজ্যৰ দখলত আছে বুলি সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই কালি বিধানসভাত প্ৰকাশ কৰে। ৰাজ্যখনৰ সৰ্বাধিক ৫৯,৪৯০ হেক্টৰ ভূমি নাগালেণ্ডৰ দখলত আছে। একেদৰে অৰুণাচল প্রদেশে ১৬,১৪৪, মেঘালয়ে ৩,৪৪১ আৰু মিজোৰামে ৩,৬৭৫ হেক্টৰ ভূমি দখল কৰি আছে। মন্ত্ৰীগৰাকীয়ে কয় যে এই ভূমিসমূহ দখলমুক্ত কৰাৰ লগতে ৰাজ্যসমূহৰ সৈতে দীৰ্ঘদিনীয়া সীমা বিবাদ নিষ্পত্তি কৰাৰ বাবে আলোচনা অন্তিম পর্যায়ত আছে। কংগ্ৰেছৰ বিধায়ক ৰেকিবউদ্দিন আহমেদৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী শ্ৰীবৰাই কালি বিধ...

February 19, 2025 7:52 PM

views 44

যোৱা বছৰৰ ৩১ ডিচেম্বৰলৈকে মুঠ ৩০, ১১৫ জন বিদেশীক বহিষ্কাৰ কৰা হৈছে বুলি অতুল বৰাৰ প্ৰকাশ

অসম চুক্তিৰ ৬ নম্বৰ দফাত থকা অসমীয়াৰ বাবে সংৰক্ষণৰ ব্যৱস্থা ৰূপায়ণৰ উদ্দেশ্যে এতিয়ালৈকে অসমীয়াৰ সংজ্ঞা নিৰূপণৰ সন্দৰ্ভত এটা সৰ্বসন্মত সিদ্ধান্তত উপনীত হ'ব পৰা নাই। অসম বিধানসভাত আজি বিধায়ক আমিনুল ইছলামৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই এই কথা প্ৰকাশ কৰি কয়, যে চুক্তিৰ দফা অনুযায়ী অসমীয়াৰ সংজ্ঞা এতিয়ালৈকে নিৰূপণ কৰা হোৱা নাই। শ্ৰীবৰাই কয়, যে বিপ্লৱ কুমাৰ শৰ্মা কমিটীয়ে অসম চুক্তিৰ ৬ নম্বৰ দফাৰ ৰূপায়ণ সন্দৰ্ভত দাখিল কৰা প্ৰতিবেদনৰ প্ৰতিলিপি অসম চুক্তি...