কৃষি মন্ত্রী অতুল বৰাই আজি ৰাষ্ট্ৰীয় খোৱা তেল মিছন তৈল খেজুৰ আঁচনি ৰূপায়ণ সন্দৰ্ভত পতঞ্জলি ফুডছ লিমিটেড, গডৰেজ এগ্রোভেট, থ্রি এফ অইল পাম, কে ই কালটিভেচন লিমিটেড, শিবাশীচ অইল পাম লিমিটেডৰ প্রতিনিধি আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে বৈঠকত ৰাজ্যত আঁচনিখনৰ ৰূপায়ণৰ শেহতীয়া অগ্রগতিৰ বুজ লয় আৰু আঁচনিখনৰ লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰয়োজনীয় ব্যবস্থা গ্রহণ কৰিবলৈ নিৰ্দেশ দিয়ে। বৈঠকত কৃষি বিভাগৰ সঞ্চালক ডাঃ পি উদয় প্রবীণ, পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ আয়ুক্ত কীৰ্তি জল্লী, ভূমি ৰেকৰ্ড আৰু জৰীপ বিভাগৰ সঞ্চালক কৈলাশ কার্তিক, অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালক ড০ সঞ্জয় কুমাৰ চেতিয়া, ৰাজহ আৰু দুৰ্য্যোগ ব্যৱস্থাপনা, বন আৰু পৰিৱেশ আৰু উদ্যোগ আৰু বাণিজ্য বিভাগৰ সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে।
Assamese | December 18, 2025 7:08 PM | Atul Bora
ৰাষ্ট্ৰীয় খোৱা তেল মিছন তৈল খেজুৰ আঁচনি ৰূপায়ণ সন্দৰ্ভত সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ সৈতে অতুল বৰাৰ বৈঠক