অহা বৰ্ষৰ ১৭ জানুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙাৰ বহু প্রত্যাশীত এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব বুলি বোকাখাটত কালি কৃষিমন্ত্রী অতুল বৰাই এই কথা প্রকাশ কৰে। তেওঁ লগতে কেন্দ্রীয় কেবিনেটে কলিয়াবৰৰ পৰা নুমলীগড়লৈ মুঠ ৮৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত পথ আৰু কাজিৰঙা এলিভেটেড কৰিডৰৰ বাবে ৬৯৫৭ কোটি টকাৰ অনুমোদন জনাইছে বুলি উল্লেখ কৰে। এই এলিভেটেড কৰিডৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীসমূহৰ জীৱন সুৰক্ষিত হ’ব বুলি আশা কৰা হৈছে। তেওঁ লগতে কয়, যে প্ৰধানমন্ত্ৰীগৰাকীয়ে কাজিৰঙাত নিশা কটাই যোৱাৰ পাছতে ৰাষ্ট্ৰীয় উদ্যানখনলৈ পৰ্যটকৰ বৃদ্ধি পাইছে।
Assamese | December 25, 2025 11:46 AM | Atul Bora
১৭ জানুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙাৰ বহু প্রত্যাশীত এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব