February 19, 2025 7:52 PM

views 45

যোৱা বছৰৰ ৩১ ডিচেম্বৰলৈকে মুঠ ৩০, ১১৫ জন বিদেশীক বহিষ্কাৰ কৰা হৈছে বুলি অতুল বৰাৰ প্ৰকাশ

অসম চুক্তিৰ ৬ নম্বৰ দফাত থকা অসমীয়াৰ বাবে সংৰক্ষণৰ ব্যৱস্থা ৰূপায়ণৰ উদ্দেশ্যে এতিয়ালৈকে অসমীয়াৰ সংজ্ঞা নিৰূপণৰ সন্দৰ্ভত এটা সৰ্বসন্মত সিদ্ধান্তত উপনীত হ'ব পৰা নাই। অসম বিধানসভাত আজি বিধায়ক আমিনুল ইছলামৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই এই কথা প্ৰকাশ কৰি কয়, যে চুক্তিৰ দফা অনুযায়ী অসমীয়াৰ সংজ্ঞা এতিয়ালৈকে নিৰূপণ কৰা হোৱা নাই। শ্ৰীবৰাই কয়, যে বিপ্লৱ কুমাৰ শৰ্মা কমিটীয়ে অসম চুক্তিৰ ৬ নম্বৰ দফাৰ ৰূপায়ণ সন্দৰ্ভত দাখিল কৰা প্ৰতিবেদনৰ প্ৰতিলিপি অসম চুক্তি...

February 15, 2025 7:25 PM

views 62

মোৰ পলিচি মোৰ হাতত ব্যৱস্থাৰ অধীনত কৃষকক পলিচি বিতৰণ মন্ত্ৰী অতুল বৰাৰ

কৃষিমন্ত্ৰী অতুল বৰাই আজি কামৰূপ জিলাৰ মিৰ্জাত কৃষকসকলৰ মাজত মোৰ পলিচি মোৰ হাতত ব্যৱস্থাৰ অধীনত আনুষ্ঠানিকভাৱে কৃষকৰ মাজত পলিচি বিতৰণ কৰে। এই ব্যৱস্থাৰ জৰিয়তে কৃষকসকলে পলিচিখনত উল্লেখ থকা প্রিমিয়াম আদি বিভিন্ন তথ্য হাততে লাভ কৰিব। উল্লেখযোগ্য যে প্রাকৃতিক দুর্যোগত কৃষকসকলক সকাহ দিয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কৃষিমন্ত্ৰীগৰাকীয়ে কয়, যে ২০২৩ চনৰ খাৰিফ বতৰৰ তুলনাত ২০২৪ চনৰ খাৰিফ বতৰত শস্যৰ বীমা কৰা কৃষকৰ সংখ্যা ৮৩ শতাংশ বৃদ...

February 3, 2025 7:48 PM

views 51

গোলাঘাটৰ ডনবস্ক’ মহাবিদ্যালয়ৰ বাৰ্ষিক ক্রীড়া সপ্তাহ তথা সাংস্কৃতিক সমাৰোহত মন্ত্ৰী অতুল বৰাৰ অংশগ্ৰহণ

কৃষি মন্ত্ৰী অতুল বৰাই আজি গোলাঘাটৰ ডনবস্ক’ মহাবিদ্যালয়ৰ বাৰ্ষিক ক্রীড়া সপ্তাহ তথা সাংস্কৃতিক সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে। শৈক্ষিক উৎকৰ্ষতাৰ উপৰি শিক্ষাৰ্থীসকলৰ সাংস্কৃতিক প্ৰতিভা বিকাশৰ ক্ষেত্ৰত লোৱা প্ৰয়াসৰ বাবে মন্ত্ৰীগৰাকীয়ে শিক্ষানুষ্ঠানখনৰ শলাগ লয়। তেওঁ লগতে শিক্ষার্থীসকলক শিক্ষাৰ জৰিয়তে সমাজলৈ পৰিৱৰ্তন আনিব পৰাকৈ সমৰ্থ হৈ উঠিবলৈ আহ্বান জনায়।

January 2, 2025 8:04 PM

views 66

অসম চুক্তি ৰূপায়ণ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে অতুল বৰাৰ বৈঠকত

অসমৰ সৈতে চুবুৰীয়া ৰাজ্যসমূহৰ সীমা বিবাদসমূহ সৌহার্দপূর্ণভাৱে মীমাংসাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ আজি অসম চুক্তি ৰূপায়ণ আৰু সীমান্ত সুৰক্ষা তথা উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই পৰ্যালোচনা কৰে। তেওঁ কয়, যে মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সদিচ্ছা আৰু নিৰন্তৰ প্ৰচেষ্টাৰ লগতে চুবুৰীয়া ৰাজ্যকেইখনৰ নেতৃবৰ্গৰ সহযোগিতাৰ বাবে সীমান্তৱৰ্তী অঞ্চলসমূহত স্থায়ী শান্তি আৰু দ্রুত উন্নয়ন নিশ্চিত কৰাটো সম্ভৱ হৈ উঠিব। মন্ত্ৰীগৰাকীয়ে আজি অসম চুক্তি ৰূপায়ণ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈ...

December 17, 2024 8:22 PM

views 64

জনতা ভৱনত আৱকাৰী বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে অতুল বৰাৰ বৈঠক

আৱকাৰী মন্ত্ৰী অতুল বৰাই আজি জনতা ভৱনত বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত জিলা ভিত্তিক ৰাজহ সংগ্ৰহৰ স্থিতি পর্যালোচনা কৰাৰ লগতে বিভাগটোৰ বিভিন্ন কাম-কাজৰ অগ্ৰগতিৰ সবিশেষ পৰ্যালোচনা কৰা হয়। ৰাজ্যৰ ৰাজহ আহৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আৱকাৰী বিভাগৰ ৰাজহ সংগ্ৰহ বৃদ্ধি কৰিবলৈ মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াসকলক নিষ্ঠাৰে পালন কৰাত গুৰুত্ব আৰোপ কৰে। বৈঠকত মন্ত্ৰীগৰাকীয়ে আৱকাৰীৰ নীতি নিয়মসমূহ কঠোৰভাৱে পালন কৰাৰ দিশতো গুৰুত্ব আৰোপ কৰে । ইফালে কৃষি বিভাগৰ দায়িত্ব...

November 7, 2024 8:02 PM

views 74

বোকাখাত সম-জিলাৰ উদ্যোগত আয়োজিত ভাষা গৌৰৱ সপ্তাহ উদযাপন অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰাৰ অংশগ্ৰহণ

কৃষি মন্ত্ৰী অতুল বৰাই আজি বোকাখাত সম-জিলাৰ উদ্যোগত আয়োজিত ভাষা গৌৰৱ সপ্তাহ উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই উপলক্ষে আয়োজিত সভাত মন্ত্ৰীগৰাকীয়ে অসমীয়া ভাষা সাহিত্যৰ ভেঁটি শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰি থৈ যোৱা অসমীয়া জাতীয় জীৱনৰ মনিষী, পণ্ডিত, গৱেষক আৰু পুৰোধা ব্যক্তিসকললৈ শ্ৰদ্ধা জনায়। তেওঁ অসমীয়া ভাষাক ধ্রুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰাত নির্ণায়ক ভূমিকা প্ৰদান কৰা প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ লগতে এই পৰিক্ৰমাটো আনুষ্ঠানিক ৰূপ দিয়াত অগ্রণী ভূমিকা গ্রহণ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্...

November 3, 2024 6:31 PM

views 61

নৱ প্ৰজন্মক ডিজিটেল পদ্ধতিৰে অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আগবাঢ়িবলৈ কৃষি মন্ত্ৰী অতুল বৰাৰ আহ্বান

অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰা উপলক্ষে ৰাজ্যজুৰি আজিৰেপৰা ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হৈছে। এই উদযাপনত অসমীয়াৰ লগতে ৰাজ্যৰ অন্যান্য জনগোষ্ঠীয় ভাষা আৰু বৰ্ণিল সংস্কৃতিৰ প্ৰচাৰ তথা প্ৰসাৰৰ উদ্দেশ্যে কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। গুৱাহাটীত আজি ভাষা গৌৰৱ সপ্তাহ উদযাপনৰ উদ্বোধনী অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰাই মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে। ধ্রুপদী ভাষাৰ স্বীকৃতিপ্ৰাপ্তিৰ লগে লগে প্ৰতিজন অসমীয়াৰ ভাষাটোৰ প্ৰতি দায়িত্ব বাঢ়িল বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে নৱ প্ৰজন্মক ডিজিটেল পদ্ধতিৰে...

October 29, 2024 6:56 PM

views 56

যোৰহাটত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ কাৰ্যালয়ত অতুল বৰাৰ পর্যালোচনা বৈঠক

মন্ত্ৰী অতুল বৰাই আজি যোৰহাটত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ কাৰ্যালয়ত পশু চিকিৎসা বিষয়া আৰু খণ্ড পশু চিকিৎসা বিষয়াসকলৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হয়। বানৰ সময়ত জিলাখনৰ পশুধন আৰু হাঁহ-কুকুৰা ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত বিভাগটোৰ প্ৰদৰ্শন, পিয়লৰ স্থিতি সম্পৰ্কত বৈঠকত মূল্যায়ন কৰা হয়। বৈঠকত পশুধনৰ টীকাকৰণৰ স্থিতি, কৃত্ৰিম প্ৰজনন, কিষাণ ক্রেডিট কাৰ্ডৰ হিতাধিকাৰীৰ সংখ্যা আদিকে ধৰি বিভিন্ন চৰকাৰী আঁচনি ৰূপায়ণৰ শেহতীয়া অগ্ৰগতিৰ বিষয়ে আলোচনা কৰা হয়।

October 22, 2024 6:07 PM

views 62

যুৱ উদ্যমীসকললৈ ৰাজ্য চৰকাৰৰ আৰ্থিক অনুদান

যুৱ উদ্যমীসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ লগতে বহনক্ষম আৰ্থিক উন্নয়নৰ ভেটি সমৃদ্ধিশালী কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে আৰ্থিক অনুদান প্ৰদানৰ ব্যৱস্থা কৰিছে। সেই অনুসৰি কৃষিমন্ত্ৰী অতুল বৰাই আজি পশুপালন আৰু পশু চিকিৎসা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত গুৱাহাটীত এখন বৈঠকত মিলিত হয়। বৈঠকত গ্ৰাম্য অৰ্থনীতিৰ ভেটি টনকিয়াল কৰাৰ বাবে পশুপালন আৰু দুগ্ধখণ্ডত মনোনিৱেশ কৰা যুৱক-যুৱতীসকলক সহায়-সহযোগিতা প্ৰদানৰ প্ৰয়োজনীয়তা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। ৰাষ্ট্ৰীয় গকুল মিছন, হাঁহ-কুকুৰা উদ্যমীৰ বাবে সহযোগিত...

September 24, 2024 12:55 PM

views 27

মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰী প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণকাৰীৰে মত বিনিময় মন্ত্ৰী অতুল বৰাৰ

পশুপালন আৰু পশু চিকিৎসা মন্ত্ৰী অতুল বৰাই কালি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰী প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰে। বোকাখাতৰ পশু চিকিৎসা বিজ্ঞান আৰু পশুপালন মহাবিদ্যালয়ত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে কৃষি, পশুপালন তথা আনুসংগিক ক্ষেত্ৰসমূহত আত্মনিৰ্ভৰশীলতাৰ সুযোগ দিয়াৰ জৰিয়তে যুৱ সৱলীকৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ৰাজ্যৰ জনসংখ্যাৰ সৰহ সংখ্যক লোকেই কৃষিৰ ওপৰত নিৰ্ভৰশীল বুলি উল্লে...