অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰা উপলক্ষে ৰাজ্যজুৰি আজিৰেপৰা ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হৈছে। এই উদযাপনত অসমীয়াৰ লগতে ৰাজ্যৰ অন্যান্য জনগোষ্ঠীয় ভাষা আৰু বৰ্ণিল সংস্কৃতিৰ প্ৰচাৰ তথা প্ৰসাৰৰ উদ্দেশ্যে কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। গুৱাহাটীত আজি ভাষা গৌৰৱ সপ্তাহ উদযাপনৰ উদ্বোধনী অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰাই মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে। ধ্রুপদী ভাষাৰ স্বীকৃতিপ্ৰাপ্তিৰ লগে লগে প্ৰতিজন অসমীয়াৰ ভাষাটোৰ প্ৰতি দায়িত্ব বাঢ়িল বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে নৱ প্ৰজন্মক ডিজিটেল পদ্ধতিৰে অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আগবাঢ়িবলৈ আহ্বান জনায়। অনুষ্ঠানটোত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ বিজুলী কলিতা মেধি, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ তথা অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি আৰু গুৱাহাটীৰ বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰতিনিধিসকল উপস্থিত থাকে ।
Assamese | November 3, 2024 6:31 PM | Atul Bora | bhasa gaurav saptah
নৱ প্ৰজন্মক ডিজিটেল পদ্ধতিৰে অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আগবাঢ়িবলৈ কৃষি মন্ত্ৰী অতুল বৰাৰ আহ্বান