অসমৰ সৈতে চুবুৰীয়া ৰাজ্যসমূহৰ সীমা বিবাদসমূহ সৌহার্দপূর্ণভাৱে মীমাংসাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ আজি অসম চুক্তি ৰূপায়ণ আৰু সীমান্ত সুৰক্ষা তথা উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই পৰ্যালোচনা কৰে। তেওঁ কয়, যে মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সদিচ্ছা আৰু নিৰন্তৰ প্ৰচেষ্টাৰ লগতে চুবুৰীয়া ৰাজ্যকেইখনৰ নেতৃবৰ্গৰ সহযোগিতাৰ বাবে সীমান্তৱৰ্তী অঞ্চলসমূহত স্থায়ী শান্তি আৰু দ্রুত উন্নয়ন নিশ্চিত কৰাটো সম্ভৱ হৈ উঠিব। মন্ত্ৰীগৰাকীয়ে আজি অসম চুক্তি ৰূপায়ণ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ এই চুক্তিৰ ৬ নম্বৰ দফা সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা সমিতিৰ ৫২টা পৰামৰ্শৰ কাৰ্যকৰীকৰণ সন্দৰ্ভত আলোচনা কৰে। তেওঁ এই সন্দৰ্ভত গ্ৰহণ কৰা পৰিকল্পনাসমূহৰ দ্ৰুত আৰু ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰাৰ ব্যৱস্থা কৰিবলৈ বিষয়াসকলক কাম কৰি যাবলৈ নিৰ্দেশ দিয়ে।
Assamese | January 2, 2025 8:04 PM | Atul Bora
অসম চুক্তি ৰূপায়ণ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে অতুল বৰাৰ বৈঠকত