আৱকাৰী মন্ত্ৰী অতুল বৰাই আজি জনতা ভৱনত বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত জিলা ভিত্তিক ৰাজহ সংগ্ৰহৰ স্থিতি পর্যালোচনা কৰাৰ লগতে বিভাগটোৰ বিভিন্ন কাম-কাজৰ অগ্ৰগতিৰ সবিশেষ পৰ্যালোচনা কৰা হয়। ৰাজ্যৰ ৰাজহ আহৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আৱকাৰী বিভাগৰ ৰাজহ সংগ্ৰহ বৃদ্ধি কৰিবলৈ মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াসকলক নিষ্ঠাৰে পালন কৰাত গুৰুত্ব আৰোপ কৰে। বৈঠকত মন্ত্ৰীগৰাকীয়ে আৱকাৰীৰ নীতি নিয়মসমূহ কঠোৰভাৱে পালন কৰাৰ দিশতো গুৰুত্ব আৰোপ কৰে ।
ইফালে কৃষি বিভাগৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে বিভাগৰ এখন পৰ্যালোচনা বৈঠকত অংশ গ্ৰহণ কৰি বিভাগটোৰ অধীনত বিভিন্ন আঁচনি আৰু কাম-কাজৰ শেহতীয়া অগ্ৰগতিৰ বিষয়ে বুজ লয়। তেওঁ বিষয়াসকলৰ পৰা হিতাধিকাৰী কৃষকসকলক বীজ আৰু কৃষি সা-সজুলি বিতৰণৰ সন্দৰ্ভত সবিশেষ বুজ লোৱাৰ লগতে কৃষি উৎপাদন বৃদ্ধিৰ লগতে বিভাগক বিশেষ গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। পর্যালোচনা বৈঠকত পি এম কিষাণ আঁচনিৰ অধীনত সৰ্বাধিক সংখ্যক যোগ্য কৃষকক অন্তর্ভুক্ত কৰা, প্রধানমন্ত্ৰী ফচল বীমা যোজনাৰ ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰা, কৃষক উৎপাদন কোম্পানীসমূহক সহায় সাহায্য আগবঢ়োৱাৰ বিষয়ে আলোচনা কৰা হয়। দুয়োখন বৈঠকত সংশ্লিষ্ট বিভাগ দুটাৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত আছিল ।
Assamese | December 17, 2024 8:22 PM | Atul Bora
জনতা ভৱনত আৱকাৰী বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে অতুল বৰাৰ বৈঠক