July 9, 2026 12:44 PM | Atul Bora

printer

অসমৰ সৈতে সংলগ্ন বাংলাদেশ সীমান্তৰ ৩৮.৯৫৯ কিলোমিটাৰ অঞ্চল এতিয়াও উন্মুক্ত : মন্ত্ৰী অতুল বৰা

অসম চুক্তি ৰূপায়ণ আৰু সীমান্ত সুৰক্ষা তথা উন্নয়ন মন্ত্রী অতুল বৰাই কালি বিধানসভাত কয়, যে অসমৰ সৈতে সংলগ্ন বাংলাদেশ সীমান্তৰ ৩৮.৯৫৯ কিলোমিটাৰ অঞ্চল এতিয়াও উন্মুক্ত হৈ আছে। আনহাতে অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনৰ পৰামৰ্শাবলী কাৰ্যকৰী কৰাৰ বাবে চৰকাৰে উদ্যোগ গ্রহণ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে প্রকাশ কৰে। এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী শ্ৰীবৰাই কয়, যে অসমৰ সৈতে বাংলাদেশৰ সীমান্তৰ মুঠ দৈর্ঘ্য হৈছে ২৬৭.৫ কিলোমিটাৰ। ইয়াৰে ধুবুৰী জিলাত ৩০.৩৭০ কিলোমিটাৰ, দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ৪.২৩৯ কিলোমিটাৰ আৰু শ্রীভূমি জিলাত ৪.৩৫ কিলোমিটাৰ সীমান্ত ফেন্সিংবিহীন হৈ আছে।

অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণৰ সন্দৰ্ভত শ্ৰীবৰাই জনায় যে এই ক্ষেত্ৰত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনৰ পৰামৰ্শসমূহ এন ডি এ চৰকাৰৰ কাৰ্যকালতে ৰূপায়ণ কৰা হ’ব।

আন এটা প্ৰশ্নৰ উত্তৰ মন্ত্ৰী অতুল বৰাই কয়, যে চাৰিখন চুবুৰীয়া ৰাজ্যই অসমৰ প্ৰায় ৮২,৭৫১ হেক্টৰ ভূমি দখলত ৰাখিছে। তথ্য অনুসৰি নাগালেণ্ডে ৫৯,৪৯০.২১ হেক্টৰ, অৰুণাচল প্রদেশে ১৬,১৪৪.০১ হেক্টৰ, মেঘালয়ে ৩,৪৪১.৮৬ হেক্টৰ আৰু মিজোৰামে ৩,৬৭৫.৭৮ হেক্টৰ ভূমি দখল কৰি আছে।