সীমান্ত উন্নয়ন মন্ত্রী অতুল বৰাই কালি অসম-নাগালেণ্ড সীমান্ত অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চল, নামবৰ সংৰক্ষিত বনাঞ্চল আৰু দৈয়াং সংৰক্ষিত বনাঞ্চল সীমামূৰীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰে। সীমান্ত অঞ্চলৰ ৰেংমা পানীত থকা চি আৰ পি এফৰ ছাউনীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে জ্যেষ্ঠ বিষয়াসকলৰ সৈতও বাৰ্তালাপ কৰে। তেওঁ সীমান্ত অঞ্চলৰ উন্নয়নমূলক কাম-কাজ, সুৰক্ষা ব্যৱস্থা আৰু সামগ্ৰীক পৰিস্থিতি সন্দৰ্ভত বিষয়াসকলৰ সৈতে আলোচনা কৰে। সীমান্তৰ স্থানীয় লোকসকলৰ সৈতে মন্ত্ৰীগৰাকীয়ে পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ কৰে। মন্ত্ৰী শ্ৰীবৰাৰ সৈতে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছা, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনেও সীমান্ত অঞ্চল পৰিদৰ্শন কৰে। গোলাঘাট জিলাৰ আয়ুক্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক, সৰুপথাৰ সমজিলাৰ আয়ুক্ত, সীমান্ত দণ্ডাধীশ, বন বিভাগৰ বিষয়াৰ লগতে অনন্য জ্যেষ্ঠ প্রশাসনিক বিষয়াসকলেও এই পৰিদৰ্শন কালত অংশ লয়। সীমান্ত অঞ্চল পৰিদৰ্শন কৰি মন্ত্ৰী শ্ৰীবৰাই এইদৰে কয় ৷
Assamese | July 3, 2026 12:45 PM | Atul Bora
অতুল বৰাৰ অসম-নাগালেণ্ড সীমান্ত অঞ্চল পৰিদৰ্শন