মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি ঝাৰখণ্ডৰ দেওঘৰত বাবা বৈদ্যনাথ মেডিকেল ন্যাস হাস্পতালৰ শুভ উদ্বোধন কৰে। ৭৫০ খন বিছনাযুক্ত এই অত্যাধুনিক হাস্পতালে অঞ্চলটোৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিব বুলি আশা কৰা হৈছে।
বাবা বৈদ্যনাথলৈ শ্রদ্ধা নিবেদন কৰি আৰম্ভ কৰা ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বাবা বৈদ্যনাথ মেডিকেল ন্যাস আৰু পি ডি হিন্দুজা হাস্পতাল এণ্ড মেডিকেল ৰিছাৰ্চ চেণ্টাৰৰ যৌথ উদ্যোগত হাস্পতালখন আৰম্ভ কৰা হৈছে।
ইয়াত পৰৱৰ্তী সময়ত মেডিকেল কলেজো নিৰ্মাণ কৰা হ’ব বুলিও তেওঁ মন্তব্য কৰে। তেওঁ কয় যে হাস্পতালখনে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকক চিকিৎসা সেৱা প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।
২০০৬ চনৰ পৰা প্ৰায় ১৫ বছৰ কাল অসমৰ স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰাৰ অভিজ্ঞতা সুঁৱৰি ড০ শৰ্মাই কয় যে এখন হাস্পতালৰ সফলতাৰ আঁৰত হাস্পতালখনৰ স্থাপত্যৰো গুৰুত্বপূৰ্ণ ভূমিকা থাকে।
উদ্বোধন কৰা হাস্পতালখনৰ আই চি ইউ, জৰুৰীকালীন ইউনিট, সাধাৰণ ৱাৰ্ডৰ পৰা আৰম্ভ কৰি সকলো সুবিধাত সন্তুষ্টি প্রকাশ কৰি তেওঁ কয় যে ২০১৪ চনৰ পাছত দেশত চিকিৎসা শিক্ষাই যথেষ্ট অগ্রগতি লাভ কৰিছে।
ঝাৰখণ্ডত মুখ্যমন্ত্ৰী ড০ শৰ্মাই অসমৰ স্বাস্থ্য খণ্ডৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য কৰি ২০৩১ চনৰ ভিতৰত অসমত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ৩০লৈ বৃদ্ধি পাব বুলি উল্লেখ কৰে।
বৰ্তমান ৰাজ্যত ১৬ খন চিকিৎসা মহাবিদ্যালয় আছে আৰু অহা মাহত বঙাইগাঁও জিলাত নতুন চিকিৎসা মহাবিদ্যালয়ৰ শুভাৰম্ভ কৰা হ’ব বুলিও তেওঁ প্ৰকাশ কৰে।
বৰ্তমান সময়ত অসমত প্ৰতি বছৰে দুহেজাৰ ২০০ গৰাকী চিকিৎসক উত্তীৰ্ণ হৈ মানৱসেৱাত ব্ৰতী হৈ বুলিও ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰে।
২০৩১ চনলৈ পৰিকল্পনা কৰা ধৰণে ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ৩০লৈ বৃদ্ধি পালে বছৰি ৪ হাজাৰৰো অধিক চিকিৎসক সৃষ্টি হোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ প্ৰকাশ কৰে।