ৰাজ্য চৰকাৰে অতিৰিক্ত জিলা আয়ুক্ত আৰু নিম্ন পৰ্যায়ৰ প্ৰশাসনিক বিষয়াসকলক অধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ অন্বেষণ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে।
ৰূপনগৰত আজি কামৰূপ মহানগৰ জিলা সংহত আয়ুক্তৰ কাৰ্যালয় মুকলি কৰি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ড০ শৰ্মাই কয়, যে জনসাধাৰণৰ হিতার্থে প্রশাসনিক ক্ষমতাৰ অধিক বিকেন্দ্ৰীকৰণ জৰুৰী হৈ পৰিছে। তেওঁ কয়, যে অতিৰিক্ত জিলা আয়ুক্তসকলক সৰ্বাধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ বিষয়ে চালি জাৰি চোৱাৰ বাবে অহা মাহত জিলা আয়ুক্তসকলৰ এখন বৈঠক আহ্বান কৰা হ’ব।
চৰকাৰে সম্ভাৱনা প্ৰকল্পৰ অধীনত চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া আৰু সমজিলা আয়ুক্তসকলৈ হস্তান্তৰ কৰিব পৰা কাম-কাজ চিনাক্ত কৰিব বুলি ৬০ শৰ্মাই মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে জিলা আয়ুক্তসকলে সপ্তাহত দুবাৰকৈ এই কাৰ্য্যালয় ভ্ৰমণ কৰি ইয়াৰ কাম-কাজ নিৰীক্ষণ কৰা উচিত। তেওঁ লগতে গুৱাহাটীৰ বিভিন্ন স্থানত ভূমি আৰু ফ্লেট পঞ্জীয়নৰ পৰিকল্পনাৰ বিষয়ে ঘোষণা কৰে।
ক্ৰেতা আৰু বিক্ৰেতাসকলৰ বাবে পঞ্জীয়ন ব্যৱস্থা সহজ কৰি তোলাৰ বাবে লোৱা এই পদক্ষেপৰ বিষয়ে সদৰী কৰি ড০ শৰ্মাই কয়, যে গুৱাহাটীৰ ৬-৭ টা গুৰুত্বপূৰ্ণ স্থানত উপ-পঞ্জীয়কৰ উপস্থিতিত বিশেষ সহায়কাৰী কেন্দ্ৰ স্থাপন কৰা হ’ব। ইয়াৰ ফলত জনসাধাৰণে জিলা আয়ুক্তৰ কাৰ্য্যালয়লৈ অহা-যোৱাৰ পৰা সকাহ লাভ কৰিব আৰু সময় তথা যাতায়াতৰ খৰছো ৰাহি হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
৮১ কোটি ২০ লাখ টকা ব্যয় সাপেক্ষ নিৰ্মাণ কৰা কামৰূপ মহানগৰ জিলা আয়ুক্তৰ ভৱনটোৰ তিনিটা মহলাত ২১ টা কাৰ্য্যালয় আছে। এই চৌহদতে গুৱাহাটী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়, কোষাগাৰ, খাদ্য আৰু যোগান বিভাগকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্য্যালয়ত জনসাধাৰণে সুবিধা লাভ কৰিব পাৰিব বুলি তেওঁ প্ৰকাশ কৰে। ড০ শৰ্মাই ৰাজ্যৰ প্ৰতিখন জিলাতে সকলো বিভাগৰ সংহত কাৰ্য্যালয় স্থাপন কৰা হ’ব বুলি জানিবলৈ দিয়ে।
অনুষ্ঠানত অংশ লৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই ৰাজ্য চৰকাৰৰ এই পদক্ষেপে চৰকাৰৰ সা-সুবিধা সমূহ সংহত আৰু সমন্বিত ৰূপত লাভ কৰাত জনসাধাৰণক সহায় কৰিব বুলি উল্লেখ কৰে। এই কাৰ্যালয় ভৱনৰ মুঠ এলেকা ১২ হাজাৰ ৬৯৫ বর্গ কিলোমিটাৰ।
সৌৰশক্তি চালিত এই কাৰ্যালয়টোৰ দ্বিতীয় মহলাত জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত আৰু সহকাৰী আয়ুক্তৰ কোঠা থাকিব। অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযানৰ কাৰ্যালয়ৰ লগতে জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ো থাকিব।