বঙাইগাঁৱত নৱনিৰ্মিত জিলা আয়ুক্তৰ কাৰ্যালয় উদ্বোধন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

বঙাইগাঁৱত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নৱনিৰ্মিত জিলা আয়ুক্তৰ কাৰ্যালয় উদ্বোধন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। জিলাখনৰ বিভিন্ন ঠাইত মুঠ ৭১১ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা কেইবাটাও প্রকল্প আজি মুখ্যমন্ত্ৰীয়ে ৰাইজলৈ উছৰ্গা কৰে।

মুখ্যমন্ত্ৰীয়ে অভয়াপুৰীৰ খোৰা গাঁৱত ৩০ কোটি টকা ব্যয় সাপেক্ষে নির্মিত আদর্শ আবাসিক বিদ্যালয়, তুলুঙীয়াৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ ১১ কোটি টকীয়া আন্তঃগাঁথনি, অভয়াপুৰীৰ সৃজনগ্ৰামত থকা শ্ৰীশ্ৰী ৰঘুনাথ বিগ্রহ মন্দিৰ সত্ৰৰ ছয় কোটি টকীয়া আন্তঃগাঁথনি আৰু সদ চহৰৰ কাষতে থকা বীৰঝৰা চাহবাগিচাৰ আদৰ্শ মাধ্যমিক বিদ্যালয়ৰ তিনি কোটি টকীয়া আন্তঃগাঁথনি ভিডিঅ’ কনফাৰেন্স ব্যৱস্থাৰে উদ্বোধন কৰে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই ১৭ ফুট উচ্চতাৰ কোঁচ ৰজা নৰনাৰায়ণৰ এটা ব্ৰঞ্জৰ প্ৰতি মূৰ্তিও অনাবৰণ কৰে। তেওঁ ভাষণত বঙাইগাঁৱৰ ৰাইজে অচিৰেই এখন অভিযান্ত্ৰিক মহাবিদ্যালয় লাভ কৰিব বুলি উল্লেখ কৰে।

এই সভাত স্বাস্থ্য মন্ত্রী অশোক সিংহল, ৰাজহ মন্ত্ৰী কেশৱ মহন্ত, বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰ, বঙাইগাঁৱৰ বিধায়িকা দীপ্তিময়ী চৌধুৰী আৰু বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীও উপস্থিত থাকে।