নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজয় উৎসৱ উপলক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি মৰিগাঁও জিলাৰ লাহৰীঘাটত উপস্থিত হয়। লাহৰিঘাটৰ তিনিচুকীয়াত অনুষ্ঠিত ৰাজহুৱা সভাত অংশ লৈ তেওঁ নিৰ্বাচনৰ পূৰ্বে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰা হ’ব ঘোষণা কৰে। ভাষণত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যে সমষ্টিটোৰ সকলো মৌলিক সমস্যা সমাধানৰ বাবে চৰকাৰ বদ্ধপৰিকৰ।
নগাঁও লোকসবা সমষ্টিৰ সাংসদ দেৱাশিষ শৰ্মাৰ জৰিয়তে সমষ্টিটোৰ সকলো কাম আগবঢ়াই নিয়া বুলি তেওঁ কয়। লাহৰিঘাট সমষ্টিৰ সকলো যোগ্য হিতাধিকাৰীক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰাৰ লগতে লাহৰিঘাটত বিজ্ঞান মহাবিদ্যালয়, অগ্নি নির্বাপন বাহিনী কেন্দ্ৰ স্থাপনৰো তেওঁ আশ্বাস দিয়ে। আন সমষ্টিৰ সমানে সমানে লাহৰিঘাট সমষ্টিৰো উন্নয়ন কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰকাশ কৰে।
অনাগত দিনত অসম বিধানসভাৰ ১২৬ খন আসনে বিজেপিয়ে দখল কৰিব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়। ২০৩১ চনৰ নিৰ্বাচনৰ বাবে এই লক্ষ্য লৈ বিজেপিয়ে মিছন আৰম্ভ কৰিব বুলি তেওঁ প্ৰকাশ কৰে।