October 6, 2026 8:32 PM
1
নগাঁও লোকসভা সমষ্টিৰ আজি উপ-নিৰ্বাচনৰ সুকলমে সম্পন্ন
নগাঁও লোকসভা সমষ্টিৰ আজি উপ-নিৰ্বাচনৰ সুকলমে সম্পন্ন হয়। নগাওঁ সমষ্টিত বিয়লি ৫ বজালৈকে লাভ কৰা তথ্য অনুসৰি ৭৬ শতাংশ ভোটদান হৈছে। চামগুৰিত সৰ্বাধিক ৮০.২২ শতাংশ ভোটদান হৈছে। সমষ্টিটোৰ অন্তৰ্গত নগাঁও জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ মুঠ ১,৩৩৯ টা ভোটকেন্দ্ৰত পুৱা ৭ বজাৰ পৰা ভোটগ্রহণ সুকলমে অনুষ্ঠিত হয়। একেদৰে মৰিগাঁও জিলাৰ ৩ টা ভোটগ্রহণ কেন্দ্ৰত নিয়াৰিকৈ ভোটগ্রহণ সম্পন্ন হয়। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই পুৱা ৭ বজাতে মৰিগাঁও জিলাৰ মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৬ নম্বৰ ভোটকেন্দ্ৰত গ...