September 23, 2026 7:25 PM | Nagaon By-Election

printer

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে। ৰাজনৈতিক দলসমূহে বিজেপি সমষ্টিটোৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলাই ভোটদাতাসকলৰ মন জয় কৰাৰ চেষ্টা চলাইছে। মিত্ৰজোঁটৰ প্রার্থী দেৱাশীষ শৰ্মাৰ হৈ আজি মন্ত্রী তথা তাৰকা প্ৰচাৰকে নির্বাচনী প্ৰচাৰ চলায়। মন্ত্রী পীযুষ হাজৰিকাই ৰহা বিধানসভা সমষ্টিৰ ঘাঁহি মুকলি মঞ্চত আয়োজিত প্ৰচাৰ সভাত অংশ লয়। মন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ দৰে ভৱিষ্যতেও ৰাইজৰ কল্যাণৰ বাবে সমর্পিত মনোভাৱেৰে কাম কৰিবলৈ সংকল্পবদ্ধ বুলি উল্লেখ কৰি কংগ্ৰেছৰ দীঘলীয়া শাসন কালৰ সমালোচনা কৰে। বৰ্তমান সময়ত চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ জৰিয়তে জনসাধাৰণ উপকৃত হৈছে বুলি তেওঁ প্রকাশ কৰে। শ্রীহাজৰিকাই ৰহাৰ কাকমাৰী মুকলি মঞ্চত আন এখন নির্বাচনী সভাতো অংশ লয়। কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাৰ সমৰ্থনতো বিভিন্ন স্থানত প্ৰচাৰ চলোৱা হৈছে।

মৰিগাঁও জিলা প্রশাসনে আজি প্রিজাইডিং আৰু পোলিং বিষয়াসকলৰ বাবে দ্বিতীয় পর্যায়ৰ প্রশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰে। জিলাখনৰ মৰিগাঁও মহাবিদ্যালয়, ঘণকান্ত বৰুৱা মহাবিদ্যালয় আৰু জিলা পুঁথিভৰাল প্রেক্ষাগৃহত প্রশিক্ষণ অনুষ্ঠিত হয়। বিষয়াসকলক ইভিএম আৰু ভিভিপেটৰ ব্যৱহাৰ আৰু পৰিচালনা সন্দর্ভত ব্যৱহাৰিক প্ৰশিক্ষণ প্রদান কৰা হয়।

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ৬ অক্টোবৰত ভোটগ্রহণ কৰা হ’ব আৰু ৯ অক্টোবৰত ভোটগণনা কৰা হ’ব।