নগাঁও লোকসভা সমষ্টিৰ আজি উপ-নিৰ্বাচনৰ সুকলমে সম্পন্ন হয়। নগাওঁ সমষ্টিত বিয়লি ৫ বজালৈকে লাভ কৰা তথ্য অনুসৰি ৭৬ শতাংশ ভোটদান হৈছে। চামগুৰিত সৰ্বাধিক ৮০.২২ শতাংশ ভোটদান হৈছে।
সমষ্টিটোৰ অন্তৰ্গত নগাঁও জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ মুঠ ১,৩৩৯ টা ভোটকেন্দ্ৰত পুৱা ৭ বজাৰ পৰা ভোটগ্রহণ সুকলমে অনুষ্ঠিত হয়। একেদৰে মৰিগাঁও জিলাৰ ৩ টা ভোটগ্রহণ কেন্দ্ৰত নিয়াৰিকৈ ভোটগ্রহণ সম্পন্ন হয়।
বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই পুৱা ৭ বজাতে মৰিগাঁও জিলাৰ মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৬ নম্বৰ ভোটকেন্দ্ৰত গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। একেদৰে কংগ্ৰেছ প্রার্থী শিৱামণি বৰাই নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিৰ মাজগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ত ভোট দিয়ে। সমষ্টিটোৰ ভোটগণনা অহা শুকুৰবাৰে অনুষ্ঠিত হ’ব।