October 6, 2026 8:32 PM

views 14

নগাঁও লোকসভা সমষ্টিৰ আজি উপ-নিৰ্বাচনৰ সুকলমে সম্পন্ন

নগাঁও লোকসভা সমষ্টিৰ আজি উপ-নিৰ্বাচনৰ সুকলমে সম্পন্ন হয়। নগাওঁ সমষ্টিত বিয়লি ৫ বজালৈকে লাভ কৰা তথ্য অনুসৰি ৭৬ শতাংশ ভোটদান হৈছে। চামগুৰিত সৰ্বাধিক ৮০.২২ শতাংশ ভোটদান হৈছে। সমষ্টিটোৰ অন্তৰ্গত নগাঁও জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ মুঠ ১,৩৩৯ টা ভোটকেন্দ্ৰত পুৱা ৭ বজাৰ পৰা ভোটগ্রহণ সুকলমে অনুষ্ঠিত হয়। একেদৰে মৰিগাঁও জিলাৰ ৩ টা ভোটগ্রহণ কেন্দ্ৰত নিয়াৰিকৈ ভোটগ্রহণ সম্পন্ন হয়। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই পুৱা ৭ বজাতে মৰিগাঁও জিলাৰ মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৬ নম্বৰ ভোটকেন্দ্ৰত গ...

October 6, 2026 6:40 PM

views 20

শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগণনা অব্যাহত

শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগণনা চলি আছে। বৰ্তমানলৈ লাভ কৰা তথ্য অনুসৰি বিজেপিয়ে ২৩ টা ৱাৰ্ডত জয়লাভ কৰিছে আৰু মিত্ৰদল অসম গণ পৰিষদে দুটা ৱাৰ্ড হস্তগত কৰিবলৈ সমৰ্থ হৈছে। ২৯ আৰু ৩০ নম্বৰ ৱাৰ্ডত পুনৰ ভোটগণনাৰ নিৰ্দেশ দিয়া হৈছে। ৱাৰ্ড দুটাত পুনৰ গণনা চলি আছে।

October 6, 2026 6:36 PM

views 13

নগাঁও লোকসভা সমষ্টিৰ আজি উপ-নিৰ্বাচনৰ বিয়লি ৩ বজালৈকে লাভ কৰা তথ্য অনুসৰি ৭০.২৫ শতাংশ ভোটদান

অসমৰ নগাঁও লোকসভা সমষ্টিৰ আজি উপ-নিৰ্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত হৈছে। নগাওঁ সমষ্টিত বিয়লি ৩ বজালৈকে লাভ কৰা তথ্য অনুসৰি ৭০ দশমিক ২-৫ শতাংশ ভোটদান হৈছে। লাহৰিঘাটত সর্বাধিক ৭৪.৭৪ শতাংশ ভোটদান হৈছে। সমষ্টিটোৰ অন্তৰ্গত নগাঁও জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ মুঠ ১,৩৩৯ টা ভোটকেন্দ্ৰত পুৱা ৭ বজাৰ পৰা ভোটগ্রহণ সুকলমে অনুষ্ঠিত হয়। একেদৰে মৰিগাঁও জিলাৰ ৩ টা ভোটগ্রহণ কেন্দ্ৰত নিয়াৰিকৈ ভোটগ্রহণ অনুষ্ঠিত হয়। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশিস শৰ্মাই পুৱা ৭ বজাতে মৰিগাঁও জিলাৰ মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১...

September 22, 2025 7:13 PM

views 99

বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগ্ৰহণত ৭১.৮৪ শতাংশ ভোটদান

বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগ্ৰহণৰ আজি বিয়লি ৪ বজাত সামৰণি পৰিছে। আজি পুৱা ৭.৩০ বজাৰ পৰা অনুষ্ঠিত ভোটগ্ৰহণত ৭১.৮৪ শতাংশ ভোটদান হোৱা বুলি অসম ৰাজ্যিক নির্বাচন আয়োগে প্রকাশ কৰিছে। অৱশ্যে সকলো ভোটগ্রহণ কেন্দ্ৰৰ পৰা সম্পূৰ্ণ তথ্য লাভ কৰাৰ পাছত এই সংখ্যা আৰু বাঢ়িব পাৰে বুলি কোৱা হৈছে। আমাৰ সংবাদদাতাসকলে জনোৱা অনুসৰি কোকৰাঝাৰ জিলাৰ ১২টা সমষ্টিত আবেলি ৩.৩০ বজালৈকে ৭০.৬৮ শতাংশ ভোটগ্রহণ হয়। পর্বতঝোৰা সমষ্টিত ৭৫.৪৩ শতাংশ আৰু যমদুৱাৰ সমষ্টিত ৭৫.১৬ শতাংশ ভোটদান হয়। বাক্সা জিলাত বিয়লি ৩.৩০ বজালৈ ৫৭.৫৮...

June 19, 2025 3:31 PM

views 75

দেশৰ ৪ খন ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ বাবে আজি উপ-নির্বাচন অনুষ্ঠিত

দেশৰ ৪ খন ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ বাবে আজি উপ-নির্বাচন অনুষ্ঠিত হৈছে। গুজৰাটৰ বিশ্বভাডৰ আসনৰ বাবে দিনৰ ১১ বজালৈ ২৮ শতাংশ ভোটগ্রহণ সম্পন্ন হোৱাৰ লগতে কাদী বিধানসভা সমষ্টিত ২৪ শতাংশ ভোটগ্রহণ সম্পন্ন হৈছে। কেৰালাৰ নিলাম্বৰ বিধানসভা আসনৰ বাবে ইতিমধ্যে ৩০ শতাংশ ভোটগ্রহণ সম্পন্ন হৈছে। ইয়াৰ লগতে পঞ্জাবৰ লুধিয়ানা বিধানসভা আসনখনৰ বাবে ২১ শতাংশ ভোটগ্রহণ সম্পন্ন হৈছে। দিনৰ ১১ বজালৈ পশ্চিমবংগৰ কালিগঞ্জ বিধানসভা আসনখনৰ বাবে ৩১ শতাংশ ভোটগ্রহণ সম্পন্ন হৈছে। অহা সোমবাৰে পাঁচোটা বিধানসভা আসনৰ ভোটগণনা কৰা হ...

May 3, 2025 11:50 AM

views 77

মাজুলীৰ আঁহতগুৰি পঞ্চায়তৰ ৩ নম্বৰ কাঁচিকটা ৱাৰ্ডৰ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ ভোটগ্রহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ

● ৰাজ্যিক নির্বাচন আয়োগে মাজুলীৰ আঁহতগুৰি পঞ্চায়তৰ ৩ নম্বৰ কাঁচিকটা ৱাৰ্ডৰ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ ভোটগ্রহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিছে। সেই অনুসৰি এই কেন্দ্ৰটোত কাইলৈ পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ পুনৰ ভোটগ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে কালি হৈ যোৱা ভোটগ্রহণত এই কেন্দ্ৰটোক বাদ দি মাজুলী জিলাত ৮০.০২ শতাংশ ভোটদান হোৱাৰ বাতৰি পোৱা গৈছে।

May 3, 2025 11:44 AM

views 63

দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্রহণৰ বাবে বিভিন্ন জিলা প্ৰশাসনৰ পূৰ্ণ প্ৰস্তুতি

■ অহা ৭ মে'ত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্রহণৰ বাবে বিভিন্ন জিলা প্ৰশাসনে পূৰ্ণ গতিৰে প্ৰস্তুতি চলাই আছে। ৰাজনৈতিক দলসমূহেও নিজ নিজ প্ৰাৰ্থীৰ হৈ জনসাধাৰণৰ মন আকৰ্ষণৰ আপ্রাণ চেষ্টা অব্যাহত ৰাখিছে। দ্বিতীয় পৰ্যায়ত ৭ মে'ত নির্বাচন হ'বলগীয়া জিলাকেইখন হৈছে – কামৰূপ, কামৰূপ মহানগৰ, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, হোজাই, মৰিগাঁও, নগাঁও আৰু দৰং জিলা। গোৱালপাৰা জিলাত বিভিন্ন ৰাজনৈতিক দল আৰু প্ৰাৰ্থীয়ে নির্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। ভোট...

October 5, 2024 1:17 PM

views 68

হাৰিয়ানা বিধানসভাৰ ৯০টা সমষ্টিৰ বাবে আজি ভোটগ্রহণ অনুষ্ঠিত

হাৰিয়ানা বিধানসভাৰ ৯০টা সমষ্টিৰ বাবে আজি ভোটগ্রহণ অনুষ্ঠিত হৈছে। ভোটগ্রহণ সন্ধিয়া ৬ বজাত অন্ত পৰিব। এটা পৰ্যায়ত অনুষ্ঠিত এই নির্বাচনত ২ কোটি ৩ লাখ ভোটাৰে ১,০৩১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰিব। সমগ্ৰ ৰাজ্যতে ২০ হাজাৰ ৬৩২টা ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। হাৰিয়ানাৰ মুখ্য নির্বাচনী বিষয়া পংকজ আগৰৱালাই কৈছে যে, ভোটগ্রহণ মুক্ত, স্বচ্ছ আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে পৰ্যাপ্ত নিৰাপত্তাৰ লগতে ৱেব কাষ্টিঙৰো ব্যৱস্থা কৰা হৈছে। তেওঁ কয় যে, যদিহে কোনো ভোটাৰৰ ভোটাৰ তালিকাত নাম নাই আৰু তেওঁৰ হাতত ...

June 18, 2024 8:22 PM

views 96

আদর্শ ভোটগ্রহণ কেন্দ্ৰৰ দৰে আকর্ষণীয় ৰূপত সজাই তোলা মৰিগাঁও নির্বাচন জিলাৰ ৪টা ভোটকেন্দ্ৰক পুৰস্কৃত কৰাৰ বাবে বাছনি

বিগত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনা ভোটগ্রহণ কেন্দ্রসমূহ আদর্শ ভোটগ্রহণ কেন্দ্ৰৰ দৰে আকর্ষণীয় ৰূপত সজাই তোলা মৰিগাঁও নির্বাচন জিলাৰ ৪টা ভোটকেন্দ্ৰক পুৰস্কৃত কৰাৰ বাবে বাছনি কৰা হৈছে। ইয়াৰ ভিতৰত জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰিসুতিটুপ প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰ প্ৰথম স্থানত আছে। একেটা সমষ্টিৰে জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰ দ্বিতীয় স্থানত আছে। আনহাতে মৰিগাঁও সমষ্টিৰ কলমৌবাৰী প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰ তৃতীয় স্থানত আছে। ইয়াৰ উপৰি মৰিগাঁৱৰ লাহৰিঘাট সমষ্টিৰ খলিহামাৰ...

May 25, 2024 6:14 PM

views 73

ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত বিয়লি ৩ বজা পর্যন্ত সামগ্রিকভাৱে ৪৯ শতাংশ ভোটদান সম্পন্ন

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্রহণ চলি আছে। এই পৰ্যায়ত ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৮টা সমষ্টিত ভোটগ্ৰহণ কৰা হৈছে। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশৰ ১৪টা, হাৰিয়ানাৰ ১০, বিহাৰৰ ৮টা, পশ্চিমবংগৰ ৮টা, দিল্লীৰ ৭টা, ওড়িশাৰ ৬টা, ঝাৰখণ্ডৰ ৪টা আৰু জম্মু কাশ্মীৰৰ এটা সমষ্টি আছে। শেহতীয়া খবৰ অনুসৰি বিয়লি ৩ বজা পর্যন্ত সামগ্রিকভাৱে ৪৯ শতাংশ ভোটদান সম্পন্ন হৈছে। এই সময়ছোৱাত পশ্চিমবংগত ৭০ শতাংশ, ঝাৰখণ্ডত ৫৪ শতাংশ, উত্তৰ প্ৰদেশত ৪৪ শতাংশ, হাৰিয়ানাত ৪৬ শতাংশ, বিহাৰত ৪৫ শতাংশ, জম্মু কাশ্মীৰত ...