- ● ৰাজ্যিক নির্বাচন আয়োগে মাজুলীৰ আঁহতগুৰি পঞ্চায়তৰ ৩ নম্বৰ কাঁচিকটা ৱাৰ্ডৰ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ ভোটগ্রহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিছে। সেই অনুসৰি এই কেন্দ্ৰটোত কাইলৈ পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ পুনৰ ভোটগ্ৰহণ কৰা হ’ব। উল্লেখযোগ্য যে কালি হৈ যোৱা ভোটগ্রহণত এই কেন্দ্ৰটোক বাদ দি মাজুলী জিলাত ৮০.০২ শতাংশ ভোটদান হোৱাৰ বাতৰি পোৱা গৈছে।
Assamese | May 3, 2025 11:50 AM | Akashvani Guwahati | Akashvani News | Majuli | Panchyat election | Voting
মাজুলীৰ আঁহতগুৰি পঞ্চায়তৰ ৩ নম্বৰ কাঁচিকটা ৱাৰ্ডৰ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ ভোটগ্রহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ