October 17, 2026 12:49 PM

views 3

ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ ফলত মাজুলীত নদীৰ মাজৰ বালিচৰত আজি এখন ফেৰী আৱদ্ধ

 ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ ফলত মাজুলীত নদীৰ মাজৰ বালিচৰত আজি এখন ফেৰী আৱদ্ধ হৈ পৰে। নিমাতিঘাটৰ পৰা কমলাবাৰী ঘাট অভিমুখী এছ বি প্রীটিছ নামৰ ফেৰীখনত ৮৪ গৰাকী যাত্ৰী, ৩০ খন দুচকীয়া আৰু দুখন চাৰিচকীয়া বাহনসহ বালিচৰত আৱদ্ধ হৈ ৰয়। ইতিমধ্যে যাত্ৰীসকলক উদ্ধাৰৰ বাবে কমলাবাৰী ঘাটৰ পৰা আন এখন ফেৰী ৰাওনা হৈছে।

September 15, 2026 12:33 PM

views 16

মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ প্ৰখ্যাত সত্ৰীয়া সংস্কৃতিৰ একান্ত সাধক গোপীৰাম বৰগায়ন বুঢ়া ভকতৰ দেহাৱসান

মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ প্ৰখ্যাত সত্ৰীয়া সংস্কৃতিৰ একান্ত সাধক, বৈষ্ণৱ পণ্ডিত, পদ্মশ্ৰী সন্মানেৰে সন্মানিত তথা সাহিত্য একাডেমী বঁটাপ্ৰাপক গোপীৰাম বৰগায়ন বুঢ়া ভকতৰ কালি দেহাৱসান ঘটে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে সত্ৰীয়া সংস্কৃতিৰ সাধনাৰ জৰিয়তে প্ৰয়াত বৈষ্ণৱ পণ্ডিতগৰাকীয়ে জাতীয় ঐতিহ্যক সমৃদ্ধ কৰিছিল। তেওঁৰ মৃত্যুত আধ্যাত্মিক, সাংস্কৃতিক জগতখনৰ বাবে অপূৰণীয় ক্ষতি বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ১০৩ বছৰ বয়সত দেহাৱসান ঘটনা এইগৰাকী সাধকৰ অন্তেষ্টিক্রিয...

September 14, 2026 9:03 PM

views 32

মাজুলীৰ ঐতিহ্যমণ্ডিত মুখা শিল্পই দেশ-বিদেশৰ লোকৰ মাজত বিশেষ সমাদৰ

মাজুলীৰ ঐতিহ্যমণ্ডিত মুখা শিল্পই দেশ-বিদেশৰ লোকৰ মাজত বিশেষ সমাদৰ পাই আহিছে। মাজুলীৰ মুখা শিল্পৰ প্ৰতি আকৃষ্ট হৈ লণ্ডনৰ লেইলা নামৰ এগৰাকী বিদেশী নৃত্য আৰু পৰিবেশ্য কলাৰ শিল্পী মাজুলীত আহি উপস্থিত হৈছে। শিল্পীগৰাকীয়ে বাঁহ, কুমাৰ মাটি আৰু অন্যান্য প্রাকৃতিক উপাদানেৰে মুখা প্ৰস্তুত কৰাৰ কাৰ্যৰ প্ৰশিক্ষণ লৈছে। ১০-দিনীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত শিল্পীগৰাকীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ উপৰি জিলাখনৰ প্ৰাকৃতিক পৰিবেশত নৃত্য প্ৰদৰ্শন কৰি আহিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সত্ৰীয়া সংস্কৃতিৰ অংশ হিচাপে প্ৰৱৰ্...

September 7, 2026 1:12 PM

views 17

মাজুলীভিত্তিক প্রাইজমানি ফুটবল প্রতিযোগিতাৰ চূড়ান্ত খেলত প’ল’ এফ চিয়ে কাপুৰ্ণগুলি এফ চিক ১-০ গ’লত পৰাস্ত

পূব মাজুলীৰ বনগাঁও আঞ্চলিক তৰুণ ক্লাবৰ উদ্যোগত অনুষ্ঠিত মাজুলীভিত্তিক প্রাইজমানি ফুটবল প্রতিযোগিতা কালি অনুষ্ঠিত চূড়ান্ত খেলত প’ল' এফ চিয়ে কাপুৰ্ণগুলি এফ চিক ১-০ গ’লত পৰাস্ত কৰে। তৰুণ ক্লাবৰ ৭৫ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা এই প্রতিযোগিতাত ২০ টা দলে অংশগ্ৰহণ কৰিছিল। মাজুলী জিলাৰ সহকাৰী আয়ুক্ত অনুৰাগ পিতাম্বৰ বৰবৰাই কালি বনগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ৰ খেল-পথাৰত অনুষ্ঠিত চূড়ান্ত খেলখন উদ্বোধন কৰে।

July 18, 2026 7:37 PM

views 26

মাজুলী বিধানসভা সমষ্টিত পহিলা জুলাইৰ পৰা মাহজোৰা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত

আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় সংস্কৰণৰ অধীনত মাজুলী বিধানসভা সমষ্টিত পহিলা জুলাইৰ পৰা মাহজোৰা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। জিলা বাণিজ্য কেন্দ্ৰ আৰু পীতাম্বৰ দেৱগোস্বামী উচ্চ মাধ্যমিক বিদ্যালয়ত জিলাখনৰ নিৰ্বাচিত ৬৪৩ গৰাকী হিতাধিকাৰীৰ মাজত এই কাৰ্যসূচী অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনামৰ্মে ৰাজ্যৰ যুৱক-যুৱতীসকলৰ স্বাৱলম্বিতা অৰ্জনৰ ক্ষেত্ৰত এই অভিযান যুগান্তকাৰী হিচাপে পৰিগণিত হৈছে।

July 8, 2026 12:39 PM

views 37

মাজুলীৰ আউনীআটী সত্ৰই প্ৰদান কৰা শংকৰদেৱ গৱেষণা বঁটা এইবাৰ দক্ষিণ এছিয়াৰ সাংস্কৃতিক ইতিহাসবিদ টী ৰিচাৰ্ড ব্লার্টন আৰু দামোদৰ দেৱ বঁটা ব্ৰিটিছ সাংসদ বব ব্লেকমেনলৈ আগবঢ়োৱা হ’ব

মাজুলীৰ আউনীআটী সত্ৰই প্ৰদান কৰা শংকৰদেৱ গৱেষণা বঁটা এইবাৰ দক্ষিণ এছিয়াৰ সাংস্কৃতিক ইতিহাসবিদ টী ৰিচাৰ্ড ব্লার্টন আৰু দামোদৰ দেৱ বঁটা ব্ৰিটিছ সাংসদ বব ব্লেকমেনলৈ আগবঢ়োৱা হ'ব। মাজুলী সমন্বয় মঞ্চৰ সভাত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱগোস্বামীয়ে এই বিষয়ে প্ৰকাশ কৰে। চলিত বছৰৰ শেষৰফালে অসমতে দুয়োগৰাকী বিশিষ্টব্যক্তিক বঁটা দুটা প্ৰদানৰ পৰিকল্পনা লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। বঁটা ঘোষণা সন্দৰ্ভত ড° গোস্বামীয়ে কয়, যে টী ৰিচার্ড ব্লার্টনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু দৰ্শন বি...

July 4, 2026 7:31 PM

views 27

মাজুলী জিলা কৃষি বিভাগৰ অধীনৰ কৃষি প্রযুক্তি ব্যৱস্থাপনা সংস্থা চমুকৈ আটমাৰ উদ্যোগত দুদিনীয়াকৈ কৃষক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত

মাজুলী জিলা কৃষি বিভাগৰ অধীনৰ কৃষি প্রযুক্তি ব্যৱস্থাপনা সংস্থা চমুকৈ আটমাৰ উদ্যোগত গড়মূৰ কৃষি চক্ৰৰ অন্তৰ্গত বালিচাপৰি আৰু জেংৰাই কৃষি চক্ৰৰ অন্তৰ্গত ৰতনপুৰ মিৰিত আজিৰে পৰা দুদিনীয়াকৈ কৃষক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই অনুষ্ঠানত কৃষি আৰু আনুসংগিক খণ্ডৰ উন্নত উদ্যান শস্য খেতি, পশু পালন, মৎস্য পালন আদি বিষয় সন্দৰ্ভত শতাধিক কৃষকক প্রশিক্ষণ প্ৰদান কৰা হয়। যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ড০ জীৱনজ্যোতি য়েইন, ড০ ভৈৰৱ গগৈ আৰু ড০ প্ৰভাত বৰুৱাই প্ৰশিক্ষণ প্ৰদান কৰা এই অনুষ্ঠানত জিলা কৃ...

June 23, 2026 12:10 PM

views 35

মাজুলী ওপৰ সোণোৱাল কাংকান ক্লাবৰ উদ্যোগত আৰু প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সহযোগত প্রাইজমানি ফুটবল প্রতিযোগিতা ২০২৬ আৰম্ভ

মাজুলী ওপৰ সোণোৱাল কাংকান ক্লাবৰ উদ্যোগত আৰু প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সহযোগত প্রাইজমানি ফুটবল প্রতিযোগিতা ২০২৬ আৰম্ভ হৈছে। মাজুলীৰ বিশিষ্ট শিক্ষাবিদ ড০ আনন্দ হাজৰিকাই শুভাৰম্ভ কৰা উদ্বোধনী খেলখন কাৰছাং ফুটবল একাদশ আৰু ডি জে ফুটবল একাদশৰ মাজত অনুষ্ঠিত হয়। মুঠ ১৬টা দলৰ মাজত হ’বলগীয়া এই প্ৰতিযোগিতাৰ খেলসমূহ উপভোগ কৰিবলৈ ভালেসংখ্যক দৰ্শকৰ আগমন হোৱা পৰিলক্ষিত হৈছে। কাংকন চাপৰি খেলপথাৰত চলি থকা এই প্ৰতিযোগিতা অহা ১২ জুলাইত অন্ত পৰিব।

January 19, 2026 7:09 PM

views 54

মাজুলীৰ ভকতচাপৰিবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে জলসম্পদ বিভাগে ভকতচাপৰি আলিমূৰৰ মূল সুঁতি বন্ধ কৰাৰ ব্যৱস্থা

মাজুলীৰ ভকতচাপৰিবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে জলসম্পদ বিভাগে ভকতচাপৰি আলিমূৰৰ মূল সুঁতি বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই উপলক্ষে আজি অনুষ্ঠিত কার্যসূচীত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামী, বিধায়ক ভূৱন গাম, জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক আৰু জলসম্পদ বিভাগৰ অভিযন্তাৰ লগতে অঞ্চলটোৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে এই সুঁতি বন্ধ কৰি দিয়াৰ ফলত অঞ্চলটোৰ ১৬ খন গাঁৱৰ লোক উপকৃত হ'ব। এই সুঁতিটোৱে আউনীআটী সত্ৰৰ লগতে সমগ্ৰ নামনি মাজুলীলৈ খহনীয়াৰে ভাবুকি কঢ...

January 19, 2026 12:40 PM

views 90

মাজুলীত কালিৰে পৰা সদৌ অসম ভাওনা সমাৰোহ অনুষ্ঠিত

মাজুলীৰ আউনীআটী সত্ৰৰ মণিকাঞ্চন ৰংগমঞ্চত কালিৰে পৰা সদৌ অসম ভাওনা সমাৰোহ অনুষ্ঠিত হৈছে। ১১ দিনীয়াকৈ আয়োজন কৰা এই ভাওনা সমাৰোহ অহা ২৮ জানুৱাৰীত অন্ত পৰিব। এইবাৰ সমাৰোহত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ২০ খন নির্বাচিত প্রতিযোগিতামূলক আৰু ৩ খন প্রদর্শনীমূলক ভাওনা প্ৰদৰ্শনৰ আয়োজন কৰা হৈছে। প্রভাতী কীৰ্তনৰ পাছতেই উদযাপন সমিতিৰ সভাপতি তথা সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱগোস্বামীয়ে ধর্মধবজ্জা উত্তোলন কৰে। ইয়াৰ পাছত ক্রমে মণিকূটৰ দ্বাৰ উন্মোচন আৰু জুবিন গাৰ্গ প্রদর্শনী ক্ষেত্র উদ্বোধন কৰা হয়। মাজুলীৰ লগতে ৰাজ্যৰ বিভিন্...