মাজুলীৰ ঐতিহ্যমণ্ডিত মুখা শিল্পই দেশ-বিদেশৰ লোকৰ মাজত বিশেষ সমাদৰ পাই আহিছে। মাজুলীৰ মুখা শিল্পৰ প্ৰতি আকৃষ্ট হৈ লণ্ডনৰ লেইলা নামৰ এগৰাকী বিদেশী নৃত্য আৰু পৰিবেশ্য কলাৰ শিল্পী মাজুলীত আহি উপস্থিত হৈছে।
শিল্পীগৰাকীয়ে বাঁহ, কুমাৰ মাটি আৰু অন্যান্য প্রাকৃতিক উপাদানেৰে মুখা প্ৰস্তুত কৰাৰ কাৰ্যৰ প্ৰশিক্ষণ লৈছে। ১০-দিনীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত শিল্পীগৰাকীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ উপৰি জিলাখনৰ প্ৰাকৃতিক পৰিবেশত নৃত্য প্ৰদৰ্শন কৰি আহিছে।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সত্ৰীয়া সংস্কৃতিৰ অংশ হিচাপে প্ৰৱৰ্তন কৰা এই মুখাশিল্পই পশ্চিমীয়া লোককো আকৃষ্ট কৰাত মুখা শিল্পৰ সৈতে জড়িত মাজুলীৰ জনসাধাৰণ উপকৃত হৈছে।