মাজুলীৰ আউনীআটী সত্ৰৰ মণিকাঞ্চন ৰংগমঞ্চত কালিৰে পৰা সদৌ অসম ভাওনা সমাৰোহ অনুষ্ঠিত হৈছে। ১১ দিনীয়াকৈ আয়োজন কৰা এই ভাওনা সমাৰোহ অহা ২৮ জানুৱাৰীত অন্ত পৰিব। এইবাৰ সমাৰোহত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ২০ খন নির্বাচিত প্রতিযোগিতামূলক আৰু ৩ খন প্রদর্শনীমূলক ভাওনা প্ৰদৰ্শনৰ আয়োজন কৰা হৈছে। প্রভাতী কীৰ্তনৰ পাছতেই উদযাপন সমিতিৰ সভাপতি তথা সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱগোস্বামীয়ে ধর্মধবজ্জা উত্তোলন কৰে। ইয়াৰ পাছত ক্রমে মণিকূটৰ দ্বাৰ উন্মোচন আৰু জুবিন গাৰ্গ প্রদর্শনী ক্ষেত্র উদ্বোধন কৰা হয়। মাজুলীৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা ৫০০ গৰাকী সূত্ৰধাৰৰ নৃত্য পৰিৱেশনেৰে ভাওনা সমাৰোহৰ শুভাৰম্ভ হয়। বিয়লি প্রতিযোগিতাৰ প্ৰথম দর্শনীত জন্মেজয়ৰ সৰ্পমেধ যজ্ঞ, কলিৰ পৰাভৱ প্ৰদৰ্শন কৰা হয়। নিশাৰ দ্বিতীয় দর্শনীত শ্রোতাশ্রবানন্দৰ ৰোহণ শীর্ষক আন এখনি ভাওনা প্রদর্শন কৰা হয়। কালিৰ অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামী, বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটা আৰু কৃষিমন্ত্রী অতুল বৰাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Assamese | January 19, 2026 12:40 PM | Majuli
মাজুলীত কালিৰে পৰা সদৌ অসম ভাওনা সমাৰোহ অনুষ্ঠিত