September 15, 2026 12:33 PM | Majuli

printer

মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ প্ৰখ্যাত সত্ৰীয়া সংস্কৃতিৰ একান্ত সাধক গোপীৰাম বৰগায়ন বুঢ়া ভকতৰ দেহাৱসান

মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ প্ৰখ্যাত সত্ৰীয়া সংস্কৃতিৰ একান্ত সাধক, বৈষ্ণৱ পণ্ডিত, পদ্মশ্ৰী সন্মানেৰে সন্মানিত তথা সাহিত্য একাডেমী বঁটাপ্ৰাপক গোপীৰাম বৰগায়ন বুঢ়া ভকতৰ কালি দেহাৱসান ঘটে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে সত্ৰীয়া সংস্কৃতিৰ সাধনাৰ জৰিয়তে প্ৰয়াত বৈষ্ণৱ পণ্ডিতগৰাকীয়ে জাতীয় ঐতিহ্যক সমৃদ্ধ কৰিছিল। তেওঁৰ মৃত্যুত আধ্যাত্মিক, সাংস্কৃতিক জগতখনৰ বাবে অপূৰণীয় ক্ষতি বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ১০৩ বছৰ বয়সত দেহাৱসান ঘটনা এইগৰাকী সাধকৰ অন্তেষ্টিক্রিয়া ৰাজ্যিক মর্যাদাৰে আজি সম্পন্ন কৰা হব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ইতিমধ্যে মাজুলী জিলা প্ৰশাসনে শেষকৃত্যৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।